NORTHEAST NOW (Assamese)

‘মন কী বাত’ত ধুবুৰীৰ পুতলা উদ্যোগৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোডী

August 30, 2020 1:18 pm · এন ই নাও নিউজ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি অল ইণ্ডিয়া ৰেডিঅ’যোগে তেওঁৰ অতি জনপ্ৰিয় অনুষ্ঠান ‘মন কী বাত’ সম্প্ৰচাৰ কৰে।

৬৮ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোডীয়ে কেইবাটাও দিশৰ বিষয়ে আলোকপাত কৰে।

মোডীয়ে তেওঁৰ ভাষণত আত্মনিৰ্ভৰশীল ভাৰতৰ স্বপ্ন সাকাৰ কৰাৰ বাবে সকলোকে আহ্বান জনায়।

দেশৰ পুতলা উদ্যোগক শক্তিশালী কৰাৰ বাবে মোডীয়ে আহ্বান জনায়।

এই প্ৰসংগত মোডীয়ে অসমৰ ধুবুৰীৰ নাম বিশেষভাবে উল্লেখ কৰি কয় যে ধুবুৰীৰ লগতে উত্তৰ প্ৰদেশৰ বাৰানসী,কৰ্ণাটকৰ চান্নাপাটনা,তামিলনাডুৰ তাঞ্জাভৰ আদিৰ পুতলা উদ্যোগৰ বিশেষ নাম আছে।

মোডীয়ে হয়তো ধুবুৰীৰ আশাৰীকান্দিৰ টেৰাকটা উদ্যোগৰ কথাই বুজাব বিচাৰিলে।

মোডীয়ে দেশবাসীক ভাৰত সম্পৰ্কীয় এপৰ প্ৰতি সহাঁৰি জনাবলৈ আহ্বান জনায়।

তেওঁ কয় যে ভাৰতত এতিয়া উন্নত মানৰ বহু এপ প্ৰস্তুত কৰিবলৈ সক্ষম হৈছে।

ক’ৰ’ণা ভাইৰাছৰ পৰা ৰক্ষা পৰি থাকিবলৈ মোডীয়ে সকলোকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনায়।

লকডাউনৰ সময়তে দেশৰ শিক্ষক সকল প্ৰযুক্তিৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰিছে বুলি মোডীয়ে উল্লেখ কৰে।

মোডীয়ে আজি চিবিএছইৰ পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা একাংশ শিক্ষাৰ্থীৰ সৈতেও মত বিনিময় কৰে।

Related News