NORTHEAST NOW (Assamese)
অসম

অব্যাহত আছে বন ধ্বংস : মানিকপুৰত শালকাঠ ভৰ্তি ট্ৰাক জব্দ, চালক সহ তিনিজন লোকক আটক

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী June 29, 2019 6:53 am
IMG-20190628-WA0007

বঙাইগাঁও জিলাৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শুকুৰবাৰে অবৈধ শালকাঠ ভৰ্ত্তি ১২ চকীয়া ট্ৰাক এখন আৰক্ষীয়ে জব্দ কৰে। AP26 TD 5409 নম্বৰৰ ট্ৰাকখন সম্পূৰ্ণ শালকাঠেৰে ভৰ্তি আছিল।

জানিব পৰা মতে, বঙাইগাওঁ জিলাৰ গেৰুকাবাৰীৰ আৰক্ষীয়ে গাড়ীখন ৰখোৱাৰ বাবে চেষ্টা কৰে যদিও ট্ৰাক খন আৰক্ষীৰ ছিগনেল অমান্য কৰি তীব্ৰ গতিত পলায়নৰ চেষ্টা কৰে।

আৰক্ষীৰ দলটোৱে পিছ লৈ মানিকপুৰ আৰক্ষীৰ সহযোগত ট্ৰাকখন জব্দ কৰিবলৈ সক্ষম হয়। ট্ৰাকখনত সুন্দৰকৈ তিৰপালেৰে বান্ধি  সজাই পৰাই লৈ ভিতৰত মূল্যবান শালকাঠ ভৰ্তি কৰি আনিছিল।

আনহাতে, গাডীখনৰ চালক আৰু হেণ্ডিমেনসহ তিনিজনক আৰক্ষীয়ে কৰায়ত্ত কৰে। আৰক্ষী দলটোৱে গ্ৰেপ্তাৰ কৰা লোক তিনিজন সুৰেশ, এম ভেংকটৰাও আৰু এছ কে জোনি বুলি চিনাক্ত কৰা হৈছে।

সম্প্ৰতি শালকাঠ ভৰ্তি ট্ৰাকখন মানিকপুৰৰ আৰক্ষীৰ জিম্মাত আছে। আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত বন বিভাগক অৱগত কৰাৰ লগতে সৱিশেষ উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।

পশ্চিম অসমৰ বনাঞ্চলসমূহত এইদৰে মূল্যবান গছসমূহ অবৈধভাৱে কাটি অবাধে বনধ্বংস চলাই থকা বুলি ৰাইজে অভিযোগ কৰে।