NORTHEAST NOW (Assamese)

EVM ত খেলিমেলি কৰিবলৈহে জাৰি কৰা হৈছে সান্ধ্য আইন: প্ৰমীলাৰ মহা বিস্ফোৰণ

April 29, 2021 2:33 pm · ৰিনয় বসুমতাৰী
Updated: April 29, 2021 2:36 pm

ৰাজ্যৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাত্ৰ কেইটামান দিন বাকী ।

এনে সময়তে কোভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সমগ্ৰ অসমতে ঘোষণা কৰিছে সান্ধ্য আইন।

সান্ধ্য আইন সন্দৰ্ভত এতিয়া বিভিন্ন জনে নানান ধৰণে মন্তব্য কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে।শেহতীয়াকৈ

কোকৰাঝাৰত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই সান্ধ্য আইন সন্দৰ্ভত বিস্ফোৰণ ঘটাইছে।

সান্ধ্য আইন সন্দৰ্ভত বিস্ফোৰণ  ঘটাই প্ৰমলা ৰাণী ব্ৰহ্মই কয় যে নৈশ সান্ধ্য আইন ষ্ট্ৰংৰুমত ৰখা  EVM ত  খেলিমেলি কৰিবলৈহে জাৰি কৰিছে।

তেওঁ লগতে কয়—‘৩০ নং পুৱ কোকৰাঝাৰত মোৰ বিজয় নিশ্চিত, এয়া ৰাইজৰ ৰায় । কিন্তু মোক পৰাজিত কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই ষড়যন্ত্ৰ চলাইছে’।

নিৰ্বাচনত এম্বুলেঞ্চ ব্যৱহাৰ কৰি  টকা বিলোৱা বুলিও প্ৰমীলাই হিমন্ত বিশ্বৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।

এনে কূট কৌশলৰ পিছতো  চৰকাৰ মহাজোঁটৰে হব বুলি প্ৰমীলা ৰাণী ব্ৰহ্মই দৃঢ়তাৰে কয়।

Related News