NORTHEAST NOW (Assamese)

বিহাৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প্ৰশান্ত কিশোৰৰ দলৰ প্ৰাৰ্থীৰ

November 15, 2025 11:42 am · এন ই নাও নিউজ, গুৱাহাটী

বিহাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত বিধ্বস্ত হৈছে এসময়ৰ দক্ষ নিৰ্বাচনী ৰণ কৌশল প্ৰস্তুতকাৰী প্ৰশান্ত কিশোৰৰ জন সুৰজ পাৰ্টি। নতুন দলটোৱে এখনো আসন নাপালে। সেই নিৰাশাৰ পৰিৱেশত তৰাই সমষ্টিৰ জন সুৰজৰ প্ৰাৰ্থী চন্দ্ৰশেখৰ সিঙৰ হাৰ্ট এটেকত মৃত্যু হয়। তেওঁৰ বয়স আছিল ৬৩ বছৰ।

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি তৰাই সমষ্টিত চন্দ্ৰশেখৰে মাত্ৰ ২,২৭১ টা ভোটহে লাভ কৰে। বিজেপিৰ প্ৰতীকত বিশাল প্ৰশান্তই সেই সমষ্টিত জয়লাভ কৰে।

দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে, চন্দ্ৰশেখৰৰ প্ৰচাৰৰ সময়ত প্ৰথমে ৩১ অক্টোবৰত হাৰ্টৰ সমস্যা দেখা দিছিল। তেতিয়াৰ পৰাই তেওঁ পাটনাৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ আছিল। ফলাফল ঘোষণাৰ পিছত শুকুৰবাৰে বিয়লি প্ৰায় ৪ বজাত দ্বিতীয়টো হাৰ্ট এটেকত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

কুৰমুৰি গাঁৱৰ বাসিন্দা তথা পেছাত অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চন্দ্ৰশেখৰ অঞ্চলটোৰ জনপ্ৰিয় মুখ হিচাপে পৰিচিত আছিল। অৰাজনৈতিক পৰিয়ালৰ পৰা অহা সত্ত্বেও তেওঁ প্ৰশান্ত কিশোৰৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈ ৰাজনীতিত প্ৰৱেশ কৰে। অঞ্চলটোৰ জনসাধাৰণৰ আস্থা, সন্মান আৰু গ্ৰহণযোগ্যতাৰ বলত জন সুৰজে তেওঁক প্ৰাৰ্থিত্ব দিছিল।

পৰিয়ালৰ লোকে পাটনাৰ পৰা মৃতদেহ লৈ আৰালৈ গৈছে। গাঁওখনত শোকৰ ছাঁ পৰিছে, জন সূৰজৰ শিবিৰ স্তম্ভিত হৈ পৰিছে। জানিব পৰা মতে, ফলাফল আৰু মৃত্যুৰ দ্বৈত জোকাৰণিৰ ফলত দলৰ বহু লোক মানসিকভাৱে ভাঙি পৰিছে।

Related News