NORTHEAST NOW (Assamese)

তামুলপুৰত ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ লাইখুটা স্থাপন; ২৯ এপ্ৰিলত আহিব ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ

March 27, 2022 12:28 pm · দীপক কুমাৰ পাঠক, তামুলপুৰ
ফটো: নৰ্থইষ্ট নাও।

এইবাৰ বড়ো সাহিত্য সভাৰ অধিৱেশনখন তামুলপুৰত অনুষ্ঠিত হ’ব। তামুলপুৰ মেডিকেল কলেজ হস্পিতাল খেলপথাৰত আজি বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক অধিৱেশনৰ লাইখুটা স্থাপন কৰা হয়। 

এক মাংগলিক পৰিবেশত ধৰ্মীয় নীতি-নিয়মেৰে লাইখুটা স্থাপন কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে।

লগতে পঢ়ক: দিশপুৰ মহাবিদ্যালয়ত মেকআপ আৰু মেহেন্দী কলাৰ কৰ্মশালা সম্পন্ন

লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত থাকে বড়ো সাহিত্য সভাৰ সভাপতি টৰেন বড়োৰ উপৰিও বিটিচিৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, এমচিএলএ, বড়ো সাহিত্য সভাৰ বিষয়ববীয়া, অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

লগতে পঢ়ক: এদিনতে ২২৩কোটি টকাৰ ব্যৱসায় কৰি ‘বাহুবলী-২’ৰ অভিলেখ ভংগ কৰিলে ৰাজামৌলিৰ RRR-য়ে

উল্লেখ্য যে ৬১ সংখ্যক বড়ো সাহিত্য সভাৰ তামুলপুৰ অধিবেশনৰ ২৯ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে অংশ গ্ৰহণ কৰিব।

Related News