NORTHEAST NOW (Assamese)

Priyanka Chopra স্বামীৰ জোনাছ উপাধি অঁতৰোৱাৰ পাছতে বিচ্ছেদক লৈ চৰ্চাত নিক-প্ৰিয়ংকা; কি হৈছে ‘দেশী গাৰ্ল’ৰ?

November 23, 2021 12:20 pm · এন ই নাও নিউজ, গুৱাহাটী

Priyanka Chopra বলীউদৰ পাছত হলীউদতো নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হোৱা ‘দেশী গাৰ্ল’ প্ৰিয়ংকা চোপ্ৰাৰ বিবাহ বিচ্ছেদৰ বাতৰিয়ে চৰ্চা লাভ কৰিছে।

বিয়াৰ পাছতে স্বামী নিকৰ জোনাছ উপাধি নিজৰ নামৰ সৈতে যুক্ত কৰি প্ৰিয়ংকাই কৈছিল যে ভাৰতীয় পৰম্পৰা অনুসৰি নিজৰ সৈতে স্বামীৰ পৰিচয় যুক্ত কৰি তেওঁ গৰ্বিত।

কিন্তু সোমবাৰে হঠাতে ছচিয়েল মিডিয়াত বিস্ফোৰণ ঘটালে প্ৰিয়ংকাই। ইনষ্টাগ্ৰাম বায়’ত নিজৰ নামৰ সৈতে লাগি থকা ‘জোনাছ’ উপাধি অঁতৰাই দিলে। তাৰ পাছতে বিচ্ছেদৰ বিষয়ক লৈ চৰ্চাত ‘দেশী গাৰ্ল’।

প্ৰিয়ংকাই নিজৰ নামৰ সৈতে নিকৰ উপাধি অঁতৰাই দিয়াৰ পাছতে অনুৰাগীসকলৰ মনত চিন্তাই বাহ লৈছে। তিনিবছৰৰ ভিতৰতেই বিবাহ বিচ্ছেদৰ বাবে আগবাঢ়িছে নেকি ‘সুখী দম্পতি’ নিক-প্ৰিয়ংকা।

Also Read: CJI Ramana to Rulers গণতন্ত্ৰত শাসকসকলে প্ৰতিদিনেই আত্মসমালোচনা কৰা উচিত: দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰামান্না

বিয়াৰ আৰম্ভণিৰে পৰাই দুয়োকে লৈ বিতৰ্কৰ অৱতাৰণাও হৈছিল। তেওঁলোকৰ বয়সৰ পাৰ্থক্যক লৈ বহুতেই কটাক্ষও কৰিব এৰা নাছিল।

বাতৰি অনুসৰি, কামৰ তাগিদাতে বিগত কেইবামাহো ধৰি তাৰকা দম্পতি পৃথকে আছে। কিন্তু এইবাৰ সঁচাকৈয়ে পৃথক হ’বলৈ আগবাঢ়িছে নেকি এই চৰ্চিত তাৰকা যুগল?

তাৰকা দম্পতিয়ে এতিয়াও তেওঁলোকৰ বিচ্ছেদক লৈ মৌন হৈ আছে যদিও প্ৰিয়ংকাৰ মাতৃ মধু চোপ্ৰাই এই বিষয়ে মুখ খুলিছে। তেওঁ কৈছে ’এইবোৰ একেবাৰে মিছা কথা, এনেধৰণৰ উৰা বাতৰি নিবিয়পাব’।

ইপিনে, কেইদিনমান পাছতে এই তাৰকা দম্পতিৰ বিবাহ বাৰ্ষিকী পৰিছে। ২০২৮ৰ ডিচেম্বৰৰ ২ আৰু ৩ তাৰিখে হিন্দু আৰু কেথলিক ৰীতিৰে বিবাহপাশত আৱদ্ধ হৈছিল নিক-প্ৰিয়ংকা।

সদ্যহতে প্ৰিয়ংকাই তেওঁৰ ‘দ্য মেট্ৰিক্স ৰেজাৰেকশ্যন’ৰ প্ৰচাৰত ব্যস্ত থকাৰ লগতে আগন্তুক ছিৰিজ ‘ছিটাডেল’ৰ শ্বুটিং সামৰিছে।            

Related News