NORTHEAST NOW (Assamese)

ৰাজস্থানত SIR: ১.৫৬ কোটিৰো অধিক ভোটাৰ গণনা প্ৰ-পত্ৰ বিতৰণ

November 9, 2025 8:12 am · এন ই নাও নিউজ, গুৱাহাটী

নিৰ্বাচনী তালিকাৰ বিশেষ কঠোৰ পুনৰীক্ষণ (SIR)ৰ প্ৰথম পাঁচ দিনত সমগ্ৰ ৰাজস্থানত ১.৫৬ কোটিতকৈ অধিক ভোটাৰ গণনা প্ৰ-পত্ৰ বিতৰণ কৰা হৈছে বুলি শনিবাৰে (৮ নৱেম্বৰ, ২০২৫) বিষয়াসকলে প্ৰকাশ কৰে।

মুখ্য নিৰ্বাচনী বিষয়া নবীন মহাজনৰ মতে, বৰমেৰ, চিত্তৰগড়, আৰু আলৱাৰ জিলাত এতিয়ালৈকে সৰ্বাধিক বিতৰণ হোৱাৰ বিপৰীতে ৯খন জিলা বিকানেৰ, যোধপুৰ, ঝালাৱাৰ, হনুমানগড়, ছিৰোহি, কোটা, বালোত্ৰা, পালি আৰু জয়ছালমেৰত ২৫%তকৈও কম বিতৰণ হৈছে।

মহাজনে এই অঞ্চলসমূহৰ জিলা নিৰ্বাচনী বিষয়াসকলক প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে আৰু দেওবাৰৰ ভিতৰত (৯ নৱেম্বৰ) বিতৰণৰ শতকৰা হাৰ কমেও ৩৫%লৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে। কাৰণ সপ্তাহৰ শেষৰ ফালে বেছিভাগ ভোটাৰে ঘৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে কয় যে এছ আই আৰৰ অধীনত ভোটাৰসকলে অনলাইনযোগে প্ৰ-পত্ৰ পূৰণ কৰি জমা দিব পাৰিব।

জনসাধাৰণৰ বাবে প্ৰক্ৰিয়াটো অধিক সুলভ আৰু কাৰ্যক্ষম কৰি তুলিবলৈ নিৰ্বাচন আয়োগে এই সুবিধা প্ৰদান কৰিছে বুলিও তেওঁ লগতে উল্লেখ কৰে

Related News