NORTHEAST NOW (Assamese)

নগাঁৱত ৰাষ্ট্ৰীয় ঘাইপথতে আগচি ধৰ্ষণ, পৰিত্যক্ত মহিলাক আৰক্ষীক অৰ্পণ নৈশ ট্ৰাকৰ

August 29, 2018 5:46 pm · বিদ্যুৎজ্যোতি বৰা
Updated: August 29, 2018 7:05 pm

অসমত শেহতীয়াকৈ ব্যাপক মাত্ৰাত বৃদ্ধি পোৱা নাৰীজনিত অপৰাধত আৰু এক জঘন্য সংযোজনেৰে মঙলবাৰে নিশা নগাঁৱৰ আমনিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে আগচি ধৰি এগৰাকী মহিলাক দলবদ্ধ ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ এক ঘটনা ঘটিছে।

সাহস, মানৱীয়তা আৰু সৰলতাৰ দৃষ্টান্ত দাঙি ধৰি ৰাস্তাত পৰি থকা ধৰ্ষিতা মহিলাগৰাকীক উঠাই নি জখলাবন্ধা আৰক্ষীক চমজাই দিয়ে গুৱাহাটীৰপৰা উজনি অভিমুখী এখন টেংকাৰৰ ড্ৰাইভাৰ-কৰ্মচাৰীয়ে।

জানিব পৰা মতে ভালুকমাৰীৰ পৰা হোজাইৰ নিবাসী ৰাজেশ ধৰ নামৰ বন্ধুজনৰ লগত বাইকত হোজাইলৈ বুলি  আহি থকা অৱস্থাত আমনি পাওঁতেই মহিলাগৰাকীক এখন এল্ট’ গাড়ীত অহা ৪জন দুৰ্বৃত্তই বাইকখন আগচি ধৰি মহিলাগৰাকীক উঠাই নি দলবদ্ধভাৱে  বলাৎকাৰ কৰে। আনহাতে বাইকখনৰ চালক ৰাজেশ ধৰ ঘটনাটোৰ পিছৰে পৰা সন্ধানহীন হৈ আছে।

জখলাবন্ধা আৰক্ষীয়ে ঘটনাৰ স্থান চামগুৰি হোৱা বাবে নিশাই মহিলাগৰাকীক চামগুৰি থানাত গতাই দিয়ে।

আৰক্ষীয়ে মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ বাবে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

মহিলাগৰাকীয়ে চামগুৰি আৰক্ষীক জনোৱা মতে মহিলা গৰাকীৰ ঘৰ হোজাইত আৰু হোজাইতে এখন ধাবাৰ কৰ্মচাৰী আছিল।

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে অপৰাধী সম্পৰ্কে বা মহিলাগৰাকীৰ বন্ধু ৰাজেশৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।

Related News