NORTHEAST NOW (Assamese)

নায়ক ‘বিধ্বংসী’ জাডেজা! আৰ চি বিৰ বিৰুদ্ধে এক অ’ভাৰত ৩৭ৰাণ কৰি স্পৰ্শ কৰিলে ৰেকৰ্ড

April 26, 2021 9:50 am · এন ই নাও নিউজ

দেওবাৰৰ দিনটো আছিল ৰবীন্দ্ৰ জাডেজাৰ বাবে এটা ‘গিফ্ট ডে’। মুম্বাইৰ ৱাংখাড়ে ষ্টেডিয়ামত চলিত আইপিএলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ দুৰ্দান্ত বলিং কৰা হৰ্ষল পেটেলৰ এটা অভাৰত ৩৭ৰাণ কোবায় জাডেজাই।

চেন্নাই ছুপাৰ কিংছৰ বাওঁহতীয়া তাৰকা বেটছমেনগৰাকীয়ে এইদৰে আইপিএলত ক্ৰিছ গেইলৰ এক অভাৰত কৰা ৩৭ৰাণৰ সৰ্বোচ্চ ৰেকৰ্ড স্পৰ্শ কৰে।

মেচখনত ডান ক্ৰিশ্চিয়ানে শূন্য ৰাণত জাডেজাৰ কেচ পেলাই দি একপ্ৰকাৰ ‘আৰচিবিৰ মূৰত কুঠাৰ মাৰে’।

টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈছিল চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে। চেন্নাইৰ ইনিংছৰ ১৯তম অভাৰত ৰাণ হৈছিল ৪টা উইকেটৰ বিনিময়ত ১৫৪ৰাণ। ক্ৰিজত আছিল ধোনী আৰু জাডেজা।

সকলোৱে ভাৱিছিল শেষ অভাৰত আৰু হয়তো খুব বেছি ১৫-২০ৰাণ আহিব। কিয়নো হৰ্ষল পেটেলে ইয়াৰ আগেয়ে ৩ অভাৰত মাত্ৰ ১৪ৰাণ দি ৩টা উইকেটো লৈছিল।

কিন্তু জাডেজাৰ মনত আছিল আন এক প্লেন। প্ৰথম চাৰিটা বলতেই ছয় মাৰে জাডেজাই। ইয়াৰ মাজত তৃতীয় বলটো আছিল নো বল। গতিকেই ফ্ৰী-হিটৰ সুযোগ পায়। সেই বলটোত আশা কৰা মতেই ছয় কোবায় জাডেজাই।

ইয়াৰ পাছৰ বলটোত ছয় মাৰিব নোৱাৰিলে জাডেজাই। মাত্ৰ দুই ৰাণ লয়। তাৰ পাছৰ বলটো অলপৰ বাবে ছয় নহ’ল যদিও চাৰি আহে।

এইদৰে হৰ্ষলৰ শেষ অভাৰটোত মুঠ ৩৭ৰাণ কৰে জাডেজাই। পলকতে চেন্নাইৰ স্ক’ৰ ১৫৪ৰ পৰা গৈ হয়গৈ ১৯১। জাডেজাই ২৮টা বলত ৬২ৰাণ কৰি অপৰাজিত হৈ ৰয়।

তদুপৰি,  খেলখনত ৰবীন্দ্ৰ জাডেজাই বলিঙত ১৩ৰাণৰ বিনিময়ত ৩টা উইকেটো দখল কৰে।

ইয়াৰ পাছতে আইপিএলৰ অ’ফিচিয়েল টুইটাৰ হেণ্ডলৰ পৰা জাডেজাৰ ৰেকৰ্ড স্পৰ্শ কৰাৰ কথা জনাই টুইট কৰা হয়। সকলোৱে জাডেজাৰ বেটিঙৰ প্ৰশংসা কৰে।

ইয়াৰ পূৰ্বে আৰচিবিৰ হৈ ক্ৰিছ গেইলে ২০১১চনৰ টুৰ্ণামেন্টত সেই সময়ৰ কোচি টাস্কাৰ্ছৰ বলাৰ পৰমেশ্বৰণৰ এক অভাৰত ৩৭ৰাণ কৰিছিল।

অৱশ্যে, টী-২০ৰ এক অভাৰত সৰ্বোচ্চ ৰাণৰ ৰেকৰ্ড এতিয়াও নিউজিলেণ্ডৰ স্কট ষ্টাইৰিছৰ দখলতে আছে। ছাছেক্সৰ হৈ এক অভাৰত ষ্টাইৰিছে ৩৮ৰাণ কৰিছিল।

Related News