কাজিৰঙাত উদ্ধাৰ গড়ৰ মৃতদেহ, চোৰাং চিকাৰক অস্বীকাৰ বন বিভাগৰ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহৰা ৰেঞ্জত মৃত অৱস্থাত উদ্ধাৰ হৈছে এটা মাইকী গঁড়।
সূত্ৰ অনুসৰি শালমৰা বনাঞ্চলৰ সমীপৰ ডিফলু নদীৰ পাৰত টহল দি থকা বনৰক্ষীৰ এটা দলে গঁড়টোৰ মৃতদেহ উদ্ধাৰ কৰে।
বন বিষয়াই জনোৱা মতে, বাৰ্ধক্যৰ বাবেই গঁড়টোৰ মৃত্যু হৈছে। যিহেতু মৃতগড়টোৰ খৰ্গ অক্ষত অৱস্থাত আছিল, সেয়ে বন বিভাগে অনুমান কৰিছে যে ই চোৰাং চিকাৰৰ ঘটনা নহয়।
জানিব পৰা মতে গড়টোৰ মৃতদেহটোৰ ওপৰত কোনো মাংসভোজী জন্তুৱে আক্ৰমণ চলোৱা নাছিল।
উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে মানস ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড়ৰ কংকাল আৱিষ্কাৰ হৈছিল। সূত্ৰই জনোৱা মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাংছবাৰী জ’নৰ পৰা উদ্ধাৰ কৰা হৈছিল গড়ৰ কংকালটো।
লগতে পঢ়কঃ যি ল’ৰাৰ গাত থাকে এইকেইটা গুণ, সেই ল’ৰাৰ প্ৰেমত পৰিব খোজে নাৰী
লগতে পঢ়কঃ মণিপুৰ সম্পৰ্কে মোদীৰ মৌনতা ভাঙিবলৈ লোকসভাত গৰ্জন সাংসদ গৌৰৱ গগৈৰ
লগতে পঢ়কঃ কাৰাগাৰত ‘সন্ত্রাসবাদীৰ বাবে সংৰক্ষিত’ কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক