কাৰাগাৰত থকা সন্ত্ৰাসবাদীৰ বাবে সংৰক্ষিত কোঠাত ৰখা হৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক। ইমৰাণৰ অধিবক্তা নিয়াম হাইদৰ পানজোথাৰে সোমবাৰে ইছলামবাদ উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনত এই দাবী উত্থাপন কৰে।
ইছলামবাদৰ আদালতে শনিবাৰে ইমৰানক দুৰ্নীতিৰ গোচৰত তিনি বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। শাস্তি ঘোষণাৰ পিছদিনা ইমৰাণক লাহোৰৰ জামান পাৰ্কৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁক পঞ্জাৱৰ কুখ্যাত এট’ক জেললৈ প্ৰেৰণ কৰা হয়। ইয়াত ৰখা বন্দীসকলৰ ভিতৰত দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদীও আছে।
লগতে পঢ়ক: পৰিচাৰিকাক যৌন নিৰ্যাতনৰ শাস্তি! ছিংগাপুৰত ভাৰতীয় লোকক ১৮ বছৰৰ জেল; ১২টা সৌকাৰ কোব
পাকিস্তান তেহৰিক-ই-ইনছাফৰ দলৰ মুৰব্বী অধিবক্তা নিয়ামে ইমৰানক এট’ক কাৰাগাৰত বন্দী কৰি ৰখা বিষয়টো ‘অবৈধ’ বুলি ঘোষণা কৰাৰ লগতে তেওঁক ৰাৱালপিণ্ডিৰ আদিয়ালা কাৰাগাৰলৈ স্থানান্তৰৰ আৰ্জি জনাই ইছলামবাদ উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে।
একেখন আৱেদনতে ইমৰান খানক কাৰাগাৰত প্ৰথম (এ) শ্ৰেণীৰ সুবিধা প্ৰদান কৰিবলৈ অনুৰোধ জনোৱা হৈছে। আবেদনখনত কোৱা হৈছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ৯৯ বৰ্গফুট জোখৰ এটা কোঠাত ৰখা হৈছে। তেওঁৰ কোঠাৰ লগত সংলগ্ন শৌচাগাৰটো লেতেৰা। চেলটোও লেতেৰা। সাধাৰণতে এই চেলটো সন্ত্ৰাসবাদীৰ বাবে সংৰক্ষিত থাকে।
১৯০৫ চনৰ পৰা ১৯০৬ চনত ব্ৰিটিছ চৰকাৰে নিৰ্মাণ কৰিছিল এট’ক কাৰাগাৰ। এইটো ৬৭ একৰ মাটিত নিৰ্মাণ কৰা হৈছে। আবেদনখনত কোৱা হৈছে যে কু-অভিপ্ৰায় আৰু চৰকাৰী হেঁচাত ইমৰাণক কাৰাগাৰত গুৰুতৰ অপৰাধীৰ দৰে ব্যৱহাৰ কৰা হৈছে।
লগতে পঢ়ক: জাৰ্মানীত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ বোমা; প্ৰায় ১৩ হাজাৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ
তেওঁৰ অধিবক্তা নিয়ামক সোমবাৰে বিয়লি জেলত ইমৰাণক সাক্ষাৎ কৰিবলৈ অনুমতি দিয়া হয়। কাৰাগাৰত ১ ঘণ্টা ৪৫ মিনিট সময় কথা পাতিছিল দুয়োজনে। এই বৈঠকৰ অন্তত অধিবক্তা নিয়ামে কয় যে এই সকলোবোৰৰ মাজতো ইমৰাণৰ মনোবল শক্তিশালী হৈ আছে।