NORTHEAST NOW (Assamese)

ক’ৰ’নাক লৈ WHOক ধমকি দিয়া আমেৰিকাক সমালোচনা ৰাছিয়াৰ

May 20, 2020 11:15 am · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছক লৈ আমেৰিকাই বিশ্ব স্বাস্থ্য সংস্থা (WHO) ক বিভিন্ন সময়ত দি অহা ধমকিক সমালোচনা কৰিছে ৰাছিয়াই।

WHOৰ পৰা আমেৰিকা ওলাই আহিব বুলি দিয়া ধমকিক ৰাছিয়াই তীব্ৰ ভাষাৰে নিন্দা জনাইছে।

উল্লেখ্য যে মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰ’নাক লৈ WHOক ধাৰাবাহিকভাৱে আক্ৰমণ কৰি আহিছে আমেৰিকাই। এই সন্দৰ্ভত ৰাছিয়াই কয় যে এখন দেশৰ ৰাজনৈতিক হিতৰ বাবে আমি সকলো বৰবাদ কৰিব নোৱাৰো।

ৰাছিয়াৰ উপ-বিদেশ মন্ত্ৰী ছাৰ্গেই ৰয়াবক’ভে কয়, ‍‘হয় কিছু শুধৰণিৰ প্ৰয়োজন আছে… আৰু এই ক্ষেত্ৰত সক্ৰিয় ভূমিকা অৱলম্বনৰ বাবে আমি প্ৰস্তুত আছো’, এইদৰে এটা আন্তঃৰাষ্ট্ৰীয় নিউজ এজেন্সিয়ে প্ৰকাশ কৰিছে।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ উৎপত্তিস্থল চীন দেশৰ সৈতে মিলি WHO য়ে বিশ্ববাসীক ভুল তথ্য প্ৰদানেৰে ধ্বংসৰ গৰাহলৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপন কৰি আমেৰিকাই আক্ৰমণ কৰি আহিছিল।

ইতিমধ্যে আমেৰিকাই WHOক দি অহা পুঁজি বন্ধ কৰাৰ লগতে চীনৰ সৈতেও ব্যৱসায়িক সম্পৰ্ক হ্ৰাস কৰাৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ দ্ৰহণ কৰা পৰলিক্ষিত হৈছে।

Related News