NORTHEAST NOW (Assamese)

সামান্য আৰু অসম্পূৰ্ণ প্ৰমাণ : টুলকিট গোচৰত দিশা ৰবিক জামিন প্ৰদান আদালতৰ

February 23, 2021 9:01 pm · এন ই নাও নিউজ
Updated: February 23, 2021 9:21 pm

চুইডিছ পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গৰ টুলকিট ব্যৱহাৰ গোচৰত দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাংগালুৰুৰ ২২ বৰ্ষীয় পৰিৱেশকৰ্মী দিশা ৰবিক জামিন প্ৰদান কৰিছে আদালতে।

মংগলবাৰে দিল্লী আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই কেতবোৰ চৰ্ত আৰু ১ লাখ টকাৰ বণ্ডত মংগলবাৰে দিশা ৰবিক জামিন প্ৰদান কৰিছে।

উল্লেখ্য যে যোৱা ১৫ ফেব্ৰুৱাৰিত দিল্লী সীমান্তৰ কৃষক বিক্ষোভৰ প্ৰতি আন্তাৰাষ্ট্ৰীয় পৰ্যায়ত মনোযোগ বৃদ্ধিৰ উদ্দেশ্যৰে দিশা ৰবিয়ে চুইডিছ পৰিৱেশকৰ্মী গ্ৰেটা থুনবাৰ্গৰ টুইটৰ টুলকিট ব্যৱহাৰ কৰাৰ অভিযোগ কৰি দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দিশাক।

গ্ৰেপ্তাৰ কৰাৰ পিছতে দিল্লী আৰক্ষীয়ে অভিযোগ কৰিছিল যে দিশাই বিশ্ব সম্প্ৰদায়ৰ সন্মুখত ভাৰতৰ সন্মান হানি কৰাৰ লগতে তেওঁৰ খালিস্তানপন্থীৰ প্ৰতিয়ো অনুকম্পা আছে।

ইফালে মংগলাবাৰে আদালতত অতিৰিক্ত সত্ৰ ন্যায়াধীশগৰাকীয়ে কয় যে হোৱাটছএপ মতামত প্ৰদান গোট সৃষ্টি আৰু অক্ষতিকাৰক টুলকিট সৃষ্টি কৰাতো অপৰাধ নহয়।

“সামান্য আৰু থুলমূল অনুসন্ধান কৰি মই এইটো বিবেচনা কৰিছো যে, ২২ বছৰীয়া যুৱতীগৰাকীক সাধাৰণ নিয়মৰ দোহাই দি জামিন বিৰোধিতা কৰাৰ লগতে পূৰৱৰ্তী কোনা দাগযুক্ত অপৰাধ নথকা আৰু সমাজৰ সৈতে শিপাৰ সৈতে জড়িত থকা তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ কোনো কাৰণ বিচাৰি পোৱা নাই।” অতিৰিক্ত সত্ৰ ন্যায়াধীশগৰাকীয়ে জামিন প্ৰদানৰ ৰায়টোত কয়।

Related News