NORTHEAST NOW (Assamese)

দীঘলীয়া অভিনয় জীৱনত প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা লাভ বলীউড বাদশাহ শ্বাহৰুখ খানৰ

September 24, 2025 9:48 am · এন ই নাও নিউজ, গুৱাহাটী

দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হৈ যায় ৭১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান। দেশজুৰি বহুল প্রতীক্ষিত এই অনুষ্ঠানত বলীউডৰ “বাদশাহ” শ্বাহৰুখ খান আৰু অভিনেতা বিক্ৰান্ত মেছীক শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে, শ্বাহৰুখ খানে তেওঁৰ ৩৩ বছৰীয়া দীঘল চলচ্চিত্ৰ জীৱনত প্ৰথমবাৰ এই ৰাষ্ট্ৰীয় বঁটা লাভ কৰিলে।

শ্বাহৰুখ খানে “জৱান” চলচ্চিত্ৰৰ বাবে এই বঁটা অৰ্জন কৰে। লগতে বিক্ৰান্ত মেছীয়েও প্ৰথমবাৰৰ বাবে “12th Fail” চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। উল্লেখ্য যে ২০২৩ চনৰ অক্টোবৰ মাহত মুক্তি পোৱা “12th Fail” ছবিখনে দৰ্শকৰ পৰা ব্যাপক প্ৰশংসা লাভ কৰিছিল আৰু শ্ৰেষ্ঠ ফিচাৰ ফিল্ম বঁটাও অৰ্জন কৰে। আনহাতে, এটলী পৰিচালিত শ্বাহৰুখৰ “জৱান” বক্স অফিচত অভিলেখ গঢ়ে। ভাৰতত ছবি খনে ৬৪০ কোটি টকা আৰু বিশ্বজুৰি ১১৬০ কোটি টকাৰ উপাৰ্জন কৰে। “12th Fail” ছবিখন যদিও মাত্ৰ ২০-২৫ কোটি টকাৰ বাজেটত নিৰ্মিত হৈছিল, থাপি বিশ্বজুৰি ৭০ কোটি টকা উপাৰ্জন কৰি বৃহৎ সফলতা অৰ্জন কৰে।

Related News