NORTHEAST NOW (Assamese)

বিবিচিৰ ১০০ গৰাকী প্রভাৱশালী মহিলাৰ তালিকাত ভাৰতৰ চাৰি বিশিষ্ট নাৰী

November 25, 2020 4:11 pm · এন ই নাও নিউজ
Updated: November 25, 2020 4:13 pm

বিবিচিয়ে প্ৰকাশ কৰা বিশ্বৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত এইবাৰ স্থান লাভ কৰিছে ভাৰতৰ বিভিন্ন ক্ষেত্ৰৰ ৪ গৰাকী বিশিষ্ট নাৰীয়ে।

বিবিচিৰ তালিকাত স্থান লাভ কৰা ভাৰতীয় মহিলা কেইগৰাকী হৈছে ক্ৰমে শাহিনবাগত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত বয়সৰ ভৰকো নেওঁচি আন্দোলনত ভাগ লোৱা ৮২ বছৰীয়া বিলকিছ বানু, তামিলনাডুৰ গায়িকা ইছাইবানি,পেৰা বেডমিণ্টন বিশ্ব চেম্পিয়ন মানসী যোশী আৰু পৰিবেশ কৰ্মী ৰিদ্ধিমা পাণ্ডে।

‘কা’ বিৰোধী আন্দোলনৰ সময়ত বিলকিছ বানুই কেৱল দেশৰে নহয়, সমগ্ৰ বিশ্বৰে সংবাদমাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল।

একেদৰে তামিলনাডুৰ গায়িকা ইছাইবানিয়ে নিজস্ব প্ৰতিভাৰে ৰাজ্য খনৰ সংগীতৰ জগত খনত ইমান দিনে বৰ্তি থকা পুৰুষৰ আধিপত্যৰ অৱসান ঘটাবলৈ সক্ষম হৈছে।

বাকী দুগৰাকী মহিলাই নিজ নিজ ক্ষেত্ৰেত পাৰদৰ্শিতাৰে কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হৈছে।

বিবিচিৰ ১০০ গৰাকী প্ৰভাৱশালী মহিলাৰ তালিকাত ভাৰতৰ চুবুৰীয়া বাংলাদেশৰ দুগৰাকী মহিলা ক্ৰমে ৰীণা আক্তাৰ আৰু ৰীমা সুলতানাৰ নাম সন্নিবিষ্ট হৈছে।মাত্ৰ আঠ বছৰ বয়সতে ৰীণা আক্তাৰক বেচি দিয়া হৈছিল এখন পতিতালয়ত।

তাতেই ডাঙৰ-দীঘল হোৱা ৰীণাই পৰৱৰ্তী সময়ত যৌন কৰ্মীসকলৰ অধিকাৰ আৰু অন্যান্য বিষয়কলৈ সক্ৰিয় হৈ পৰা দেখা গৈছে।

একেদৰে ৰীমা চুলতানাই ৰোহিংগা শৰণাৰ্থীৰ মহিলা আৰু শিশুসকলৰ শিক্ষাৰ বাবে কাম কৰি আহিছে।

Related News