NORTHEAST NOW (Assamese)
অসম

লোকসভাত ৰাহুল গান্ধীৰ হিন্দুত্ব সম্পৰ্কীয় মন্তব্য; ৰাহুলক সমৰ্থন শংকৰাচাৰ্যৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 9, 2024 10:02 am

ৰাহুল গান্ধীৰ লোকসভাৰ ভাষণক লৈ হুলস্থুল হৈছিল। লোকসভাত বিৰোধী দলপতি গৰাকীয়ে মন্তব্য কৰিছিল যে হিন্দু ধৰ্মত হিংসাৰ কোনো স্থান নাই। অৱশ্যে  স্বঘোষিত হিন্দুত্ববাদৰ ৰক্ষক তথা অভিভাৱক হিচাপে নিজকে তুলি ধৰা বিজেপিৰ কথাত থাকে কেবল মাত্ৰ হিংসা আৰু ঘৃণামূলক ভাষণ।

ৰাহুল গান্ধীৰ ভাষণক আহিলা হিচাপে ব্যৱহাৰ কৰি হিন্দু ধৰ্মক অপমান কৰাৰ অভিযোগ প্ৰমাণ কৰিবলৈ উদ্বাউল হৈ পৰিছে বিজেপি। গেৰুৱা শিবিৰে আঙুলিয়াই দিবলৈ চেষ্টা কৰিছে যে ৰাহুল গান্ধীয়ে হিন্দু হিংসাত্মক বুলি ক’ব বিচাৰে।

লগতে পঢ়কঃ ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৭২ জনলৈ বৃদ্ধি, আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ধুবুৰী

কিন্তু বিজেপিৰ সেই পৰিকল্পনা শংকৰাচাৰ্য স্বামী অভিমুক্তেশ্বৰানন্দই পানী কৰি পেলালে। তেওঁ স্পষ্টকৈ কয় যে ৰাহুল গান্ধীয়ে তেনে কোনো মন্তব্য কৰা নাই।

বিৰোধী নেতাগৰাকীৰ এই মন্তব্যই লোকসভাত ব্যাপক হুলস্থুলৰ সৃষ্টি কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰথমবাৰৰ বাবে লোকসভাত থিয় দি তেওঁৰ বক্তৱ্যৰ বিৰোধিতা কৰে।

অভিমুক্তেশ্বৰানন্দই সংবাদ মাধ্যমত ৰাহুল গান্ধীৰ বিৰুদ্ধে বিজেপিয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত কয়, ‘ৰাহুল গান্ধীৰ সমগ্ৰ ভাষণ আমি শুনিছো। তেওঁ স্পষ্টকৈ উল্লেখ কৰিছিল যে হিন্দু ধৰ্মত হিংসাৰ কোনো স্থান নাই।‘ তেওঁ লগতে কয় যে ৰাহুল গান্ধীৰ ভাষণৰ আধা অংশ প্ৰচাৰ কৰা হৈছে। অৱশ্যে তেওঁ তেনে কোনো মন্তব্য কৰা নাছিল।

লগতে পঢ়কঃ আৰক্ষীৰ উপস্থিতিতে বিজয় উদযাপনত বিলালে সুৰাৰ বটল! বিজেপি কৰ্মীৰ কাণ্ডত তোলপাৰ এই ৰাজ্য

শংকৰাচাৰ্য অভিমুক্তেশ্বৰানন্দই কয় যে বৰঞ্চ ৰাহুল গান্ধীৰ আধা ভাষণ প্ৰকাশ কৰি হিন্দু বিৰোধী মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰা সকলৰহে শাস্তি হোৱা উচিত। ইয়াৰ উপৰিও তেওঁ কয়, ‘ৰাহুল গান্ধীয়ে কেতিয়াও হিন্দু বিৰোধী মন্তব্য কৰা নাছিল। তেওঁ বিজেপি নেতাসকলক উদ্দেশ্যি এই মন্তব্য কৰিছে।‘