NORTHEAST NOW (Assamese)
অসম

২০১৫ চনৰ ধৰ্ষণ গোচৰত অপৰাধীক ২০ বছৰৰ কাৰাদণ্ডৰ বিহিলে ওদালগুৰি আদালতে

Posted by: চাজিদ খান, ওদালগুৰি Updated by: চাজিদ খান, ওদালগুৰি July 9, 2024 10:38 am

ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে ২০১৫ চনত ৰৌতাত এগৰাকী কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত এজন লোকক বিশ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। দোষী সাব্যস্ত মহম্মদ নুৰ আলীক ন্যায়াধীশে আই পি চিৰ ৩৭৬(ডি) ধাৰাৰ অধীনত ৩০ হাজাৰ টকা জৰিমনাও বিহে।

অৱশ্যে পৰ্যাপ্ত প্ৰমাণৰ অভাৱত আদালতে আনজন অভিযুক্ত মহম্মদ ছানাউল্লাহ আলীক দোষমুক্ত কৰে।

বিচাৰ বিভাগৰ মতে, ভ্ৰমণৰ সময়ত মহম্মদ নুৰ আলীয়ে ভুক্তভোগীক প্ৰলোভিত কৰি অপৰাধ সংঘটিত কৰে।

লগতে পঢ়কঃ আৰক্ষীৰ উপস্থিতিতে বিজয় উদযাপনত বিলালে সুৰাৰ বটল! বিজেপি কৰ্মীৰ কাণ্ডত তোলপাৰ এই ৰাজ্য

ইয়াৰ পিছতে ভুক্তভোগীৰ পিতৃ-মাতৃয়ে ৰৌতা থানাত আৰক্ষীক এজাহাৰ (এফআইআৰ) দাখিল কৰে।

তদন্ত আৰু চিকিৎসা পৰীক্ষাৰ অন্তত আৰক্ষীয়ে আই পি চিৰ ৩৭৬(ডি) ধাৰাত গোচৰ ৰুজু কৰে।

১৩ জন সাক্ষীক লৈ দীঘলীয়া বিচাৰ আৰু প্ৰমাণ দাখিল কৰাৰ পিছত আদালতে আলীক দোষী সাব্যস্ত কৰি ছানাউল্লাহ আলীক দোষমুক্ত কৰে।

লগতে পঢ়কঃ লোকসভাত ৰাহুল গান্ধীৰ হিন্দুত্ব সম্পৰ্কীয় মন্তব্য; ৰাহুলক সমৰ্থন শংকৰাচাৰ্যৰ

ভুক্তভোগী ক্ষতিপূৰণ আঁচনিৰ অধীনত ভুক্তভোগী পৰিয়ালক ৫ লাখ টকা প্ৰদান কৰিবলৈও জিলা আইন সেৱা প্ৰাধিকৰণক নিৰ্দেশ দিয়ে আদালতে।