NORTHEAST NOW (Assamese)

বিহাৰৰ SIR সন্দৰ্ভত শুনানি উচ্চতম ন্যায়ালয়ত : আধাৰ কাৰ্ডক বৈধ নথি হিচাপে স্বীকৃতি

August 22, 2025 7:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: August 22, 2025 7:07 pm

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে বিহাৰত চলি থকা বিএলএ (বুথ লেভেল এজেণ্ট) প্ৰক্ৰিয়াক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে।

ইয়াৰ মাজতে আদালতে ৰাজনৈতিক দলসমূহে নিযুক্ত কৰা বিএলএ (বুথ লেভেল এজেণ্ট)ক ভোটাৰ তালিকাৰ খচৰাত কোনো ভোটাৰৰ নাম নাথাকিলে আপত্তি দাখিল কৰাত ভোটাৰক সহায় কৰিবলৈ কয়।

শুনানিৰ বিচাৰপীঠৰ অংশ হিচাপে থকা ন্যায়াধীশ সূৰ্য্যকান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচিয়ে কয় যে আমি আচৰিত হৈছো যে এতিয়ালৈকে ১.৬৮ লাখ বিএলএই মাত্ৰ দুটা আপত্তি দাখিল কৰিছে।

তেওঁলোকে নিৰ্দেশ দিয়ে যে, “১২টা ৰাজনৈতিক দলেই নিজৰ কৰ্মীসকলক স্পষ্ট নিৰ্দেশনা দিব লাগে যাতে ভোটাৰসকলক এনে প্ৰ-পত্ৰ পূৰণ কৰাত সহায় কৰে।”

নিৰ্বাচন আয়োগৰ হৈ আদালতত হাজিৰ হোৱা অধিবক্তা ৰাকেশ দ্বিবেদীয়ে কয় যে যদি সকলো বিএলএয়ে দাবীৰ তদন্তত যোগদান কৰে, তেন্তে এই প্ৰক্ৰিয়া কেইদিনমানৰ ভিতৰত সম্পূৰ্ণ হ’ব।

ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ সন্দৰ্ভত আদালতে কয় যে নিৰ্বাচন আয়োগে পূৰ্বে উল্লেখ কৰা ১১টা নথিৰ যিকোনো এটা বিএলএ ব্যৱহাৰ কৰিব পাৰে।

ইয়াৰ বাবে বিএলএসকলেও আধাৰ কাৰ্ড ব্যৱহাৰ কৰিব পাৰে বুলিও আদালতে কয়।

আদালতে ৰাজ্যৰ সকলো ৰাজনৈতিক দলকো গোচৰটোত অন্তৰ্ভুক্ত কৰি ‘ষ্টেটাছ ৰিপৰ্ট’ দাখিল কৰিবলৈ কয়।ইয়াৰ উপৰিও আদালতে ১৪ আগষ্টৰ নিৰ্দেশ পুনৰবাৰ উল্লেখ কৰে যে ভোটাৰক অনলাইন আবেদনৰ সুবিধা দিব লাগে আৰু ভৌতিক প্ৰ-পত্ৰ বাধ্যতামূলক হ’ব নালাগে।

Related News