আদালতৰ অনুমতি অবিহনে নাবালকৰ সম্পত্তি বিক্ৰী; ১৮ বছৰ হ’লেই ঘূৰাই ল’ব পাৰে: উচ্চতম ন্যায়ালয়
নাবালকৰ সম্পত্তি বিক্ৰী সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে আগবঢ়াইছে এটা গুৰুত্বপূৰ্ণ ৰায়। শীর্ষ ন্যায়ালয়ে কয় যে আদালতৰ অনুমতি অবিহনে যদি ১৮ বছৰৰ তলৰ কোনোবা এজনৰ সম্পত্তি পিতৃ-মাতৃ বা অভিভাৱকে বিক্ৰী কৰে, তেন্তে সেয়া সম্পূৰ্ণ বৈধ নহয়। নাবালকজন প্ৰাপ্তবয়স্ক হোৱাৰ পিছত সেই সন্তানে গোচৰ ৰুজু নকৰাকৈও নিজৰ কাম বা আচৰণৰ জৰিয়তে বিক্ৰী বাতিল কৰিব পাৰে।
উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পংকজ মিথাল আৰু প্ৰসন্ন বি ভাৰালৰ বিচাৰপীঠে কয় যে যদি সন্তানে প্ৰাপ্তবয়স্ক হোৱাৰ পিছত পুনৰ একেখিনি মাটি বিক্ৰী কৰে তেন্তে পূৰ্বৰ বিক্ৰী নাকচ হ’ব।
কৰ্ণাটকৰ দাৱানাগেৰে জিলাৰ শমানুৰ গাঁৱৰ এজন লোকে নিজৰ তিনিজন নাবালক পুত্ৰৰ নামত দুটা মাটি ক্ৰয় কৰিছিল। পিছত আদালতৰ অনুমতি নোলোৱাকৈয়ে সেই মাটি আনক বিক্ৰী কৰি দিয়ে।
পুত্ৰকেইজন ডাঙৰ হোৱাৰ পাছত আকৌ সেই মাটি নিজে বিক্ৰী কৰি দিয়ে। অৱশ্যে পূৰ্বৰ ক্ৰেতাসকলে আদালতত গোচৰ ৰুজু কৰি কয় যে মাটিখিনি ইতিমধ্যে বিক্ৰী হৈছে। বৰ্তমান মাটি দুটাৰ মালিক মানুহজনৰ পুত্ৰসকল নহয়।
অৱশ্যে নিম্ন আদালতে পুত্ৰকেইজনৰ সপক্ষে ৰায় দিয়ে। সেই ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰা হৈছিল। কৰ্ণাটক উচ্চ ন্যায়ালয়ে কয় যে যিহেতু তেওঁলোকে গোচৰ ৰুজু কৰা নাই, গতিকে পূৰ্বৰ বিক্ৰীয়েই বাহাল থাকিব। তাৰ পিছত বিষয়টো উচ্চতম ন্যায়ালয়লৈ যায়।
উচ্চতম ন্যায়ালয়ে কয় যে নাবালকৰ সম্পত্তি বিক্ৰী কৰিবলৈ আদালতৰ অনুমতিৰ প্ৰয়োজন। যদি অনুমতি অবিহনে বিক্ৰী কৰা হয় তেন্তে সেয়া বাতিল কৰিব পৰা যায়, অৰ্থাৎ শিশুৱে ডাঙৰ হ’লে ইচ্ছা কৰিলে সেয়া বাতিল কৰিব পাৰে। ইয়াৰ বাবে সুকীয়া গোচৰ ৰুজু কৰাৰ প্ৰয়োজন নাই।