NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ৰ নামতো ভুৱা ৱেবচাইট, চুৰি হৈছে ব্যক্তিগত তথ্য! সতৰ্ক কৰিলে শীৰ্ষ আদালতে

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 31, 2023 6:18 pm

এইবাৰ উচ্চতম ন্যায়ালয়ৰ (Supreme Court) নাম ব্যৱহাৰ কৰি প্ৰৱঞ্চনা! ভুৱা ৱেবছাইট প্ৰস্তুত কৰি সাধাৰণ জনতাৰ ব্যক্তিগত তথ্য চুৰি কৰা হৈছে। এই সন্দৰ্ভত স্বয়ং উচ্চতম ন্যায়ালয়ে জাৰি কৰিছে সতৰ্কতা।

জানিব পৰা মতে, উচ্চতম ন্যায়ালয়ৰ নামত প্ৰৱঞ্চকসকলে নিজেই ভুৱা ৱেবছাইট প্ৰস্তুত কৰিছিল। যাৰ URL হ’ল http://cbins/scigv.com আৰু https://cbins.scigv.com/offence। এই ৱেবছাইটবোৰ দেখাত হুবহু উচ্চতম ন্যায়ালয়ৰ ৱেবছাইটৰ দৰেই। ইয়াৰ ভিতৰত দ্বিতীয়টো URLত ক্লিক কৰিলেই ব্যক্তিগত তথ্য বিচৰা হৈছে।

লগতে পঢ়ক: বিশ্বত এইটো প্ৰথম! ব্ৰিটেইনত কেন্সাৰ ৰোগৰ চিকিৎসাৰ বাবে ‘৭ মিনিটৰ বেজী’

উচ্চতম ন্যায়ালয়ে সততা জাৰি কৰি কয় যে, “কোনোবাই এই URL সমূহত ক্লিক কৰিলেও তাত কোনো ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিব নালাগে। ব্যক্তিগত তথ্য ভাগ-বতৰা কৰিলে প্ৰৱঞ্চকে ক্ষতিকাৰক উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে।”

ইতিমধ্যে যদি কোনোবাই এই ৱেবছাইটসমূহত লগ ইন কৰিছে তেন্তে তেওঁলোকৰ সকলো পাছৱৰ্ড সলনি কৰাৰো পৰামৰ্শ দিয়া হৈছে।

দেশৰ শীৰ্ষ আদালতে লগতে স্পষ্ট কৰি দিছে যে, “উচ্চতম ন্যায়ালয় বা ৰেজিষ্ট্ৰীয়ে কেতিয়াও কাৰো ব্যক্তিগত তথ্য নিবিচাৰে।”

লগতে পঢ়ক: সংসদৰ বিশেষ অধিৱেশন আহ্বান মোডী চৰকাৰৰ; হঠাৎ কিয় ৫ দিনীয়া অধিৱেশনৰ পৰিকল্পনা?

উচ্চতম ন্যায়ালয়ে এই জালিয়াতিৰ বিষয়ে তদন্তকাৰী সংস্থাসমূহকো অৱগত কৰিছে। উচ্চতম ন্যায়ালয়ে এই প্ৰৱঞ্চকসকলৰ বিৰুদ্ধে তদন্ত কৰি শীঘ্ৰে শাস্তি প্ৰদান কৰিব বিচাৰিছে।