NORTHEAST NOW (Assamese)

মাজ আকাশত দপদপাই জ্বলি উঠিল ইঞ্জিন : আয়ুসত চাউল আছিল ১৭৯ জন যাত্ৰীৰ

May 19, 2024 8:42 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

কথমপি ৰক্ষা পৰিল ১৭৯ গৰাকী যাত্ৰীৰ জীৱন। মাজ আকাশত দপদপাই জ্বলি উঠিল বিমানৰ ইঞ্জিন।
বাংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কোচি অভিমুখে উৰা মৰা এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছত সৃষ্টি হৈছে এই ঘটনা।

জানিব পৰা মতে, শনিবাৰে নিশা প্ৰায় ১১:১২ বজাত কোচি অভিমুখী এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ IX ১১৩২ বিমানখন জৰুৰীকালীন অৱতৰণ কৰা হয়। মাজ আকাশতে বিমানখনৰ এটা ইঞ্জিনত জুই লাগে। অৱতৰণ কৰাৰ পিছতে জুই শীঘ্ৰে নিৰ্বাপিত কৰা হয়।

অৱতৰণৰ পিছত বিমানখনৰ পৰা ১৭৯ জন যাত্ৰী আৰু ৬ জন ক্ৰু সদস্যক নিৰাপদে উদ্ধাৰ কৰা হয়। লগে লগে বিমানবন্দৰত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হয়।

বিমানখনৰ ইঞ্জিনত কেনেকৈ জুই লাগিল তাৰ তদন্ত চলি আছে।

ইয়াৰ পূৰ্বে এই ঘটনা যোৱা বৃহস্পতিবাৰে দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো এনে ঘটনা সংঘটিত হৈছিল। এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰ এচি ইউনিটত জুই লাগিছিল যোৱা বৃহস্পতিবাৰে।

Related News