NORTHEAST NOW (Assamese)

Asam Sahitya Sabha: অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সম্পন্ন; বিত্তীয় কেলেংকাৰীকলৈ সৰৱ একাংশ সদস্য

July 25, 2022 6:53 am · পার্শ্বজোতি গগৈ, শিৱসাগৰ
ফটো: নৰ্থইষ্ট নাও।

Asam Sahitya Sabha দেওবাৰে শিৱসাগৰত সম্পন্ন হ’ল অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক। সভাৰ সভাপতি কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

কোভিড সৃষ্ট পৰিৱেশৰ বাবে বিগত দুটা বছৰত অনুষ্ঠিত হোৱা নাছিল সভাৰ বাৰ্ষিক অধিবেশন।

২০২৩ বৰ্ষৰ ৩১ জানুৱাৰীৰ পৰা ৪ফেব্ৰুৱাৰীলৈ অসম সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত হব নাৰায়ণপুৰত। উক্ত অধিবেশন সফল কৰি তোলাৰ সিদ্ধান্ত লয় কাৰ্যনিৰ্বাহকে।

লগতে পঢ়ক: অনুতপ্ত পংকজ পাঠক! অন্তৰত আঘাত দিয়াসকলক বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

ইপিনে, ষষ্ঠ পূৰ্ণাংগ কাৰ্যনিৰ্বাহকৰ পৰাই আৰম্ভ হ’ল পৰৱৰ্তী সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদকৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়া। প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা হয় এখন নিৰ্বাচনী সমিতি।

অহা নৱেম্বৰ মাহৰ শেষৰ ফালে সভাৰ সপ্তম পূৰ্ণাংগ কাৰ্যনিৰ্বাহকত ঘোষণা কৰা হব অসম সাহিত্য সভাৰ পৰৱৰ্তী সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদকৰ নাম।

আনহাতে, একাংশ সদস্যই উত্থাপন কৰে সভাৰ বিত্তীয় কেলেংকাৰী প্ৰসংগ। ডিব্ৰুগড়ৰ আঞ্চলিক কাৰ্য্যালয়ৰ মেৰামতিৰ নামত ভুৱা একাউন্ট খুলিছিল একাংশই। এই  সন্দৰ্ভত সভাপতিয়ে অভিযোগ আৰু তথ্য সমূহ আঞ্চলিকৰ সম্পাদকক জমা দিবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক: বিজেপিয়ে বিৰোধীক দুৰ্বল কৰিবলৈ ব্যবহাৰ কৰিছে কৰিমুদ্দিনক; পুনৰ উচ্চ ন্যায়ালয়ত গোচৰ তৰিব দেবব্ৰত শইকীয়াই

সভাৰ বহিষ্কৃত প্ৰাক্তন প্ৰধান সম্পাদক ডঃ জগদীশ পাটগিৰিৰ বিত্তীয় কেলেংকাৰী সম্পৰ্কতো সৰৱ হৈ পৰে একাংশ প্ৰতিনিধি। ৪৫ লাখ টকীয়া বিত্তীয় কেলেংকাৰীত জড়িত পাটগিৰি এইবাৰ সভাপতি পদৰ প্ৰাৰ্থী হব বুলি চৰ্চা চলাত ক্ষোভিত এই সদস্য সকল।

কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হয় আন কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তাৰ ভিতৰত অসমৰ ন্যায়ালয় সমূহৰ ৰায়দান অসমীয়া ভাষাত প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈ উচ্চ ন্যায়ালয় আৰু চৰকাৰৰ লগত যোগাযোগৰ বাবে কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা হয় প্ৰস্তাৱ। 

Related News