• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুতপ্ত পংকজ পাঠক! অন্তৰত আঘাত দিয়াসকলক বিচাৰিলে ক্ষমা প্ৰাৰ্থনা

পংকজ পাঠকে ফেচবুকত দিব কেৱল স্বাস্থ্য সম্বন্ধীয় বিধান; নিদিয়ে বিতৰ্কিত মন্তব্য

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
July 24, 2022 7:06 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰিলছ বনোৱা একাংশ মহিলাক উদ্দেশ্যি আচাৰ্য্য পংকজ পাঠকে তেওঁলোকৰ স্বামীসকলক বান্দৰ কেকোৱা নামৰ তেওঁ প্ৰস্তুত কৰা বনৌষধ ক্ৰয় কৰি খুৱাবলৈ পৰামৰ্শ দিছিল। তাৰ পাছতে যেন নিজৰ গাতে বান্দৰ কেকোৱা লগাৰ দৰে অৱস্থা হৈছিল পংকজ পাঠকৰ। ৰাজ্যৰ থানাই থানাই পংকজ পাঠকৰ বিৰুদ্ধে গোচৰ দাখিল হ’বলৈ ধৰিছিল।
অৱশেষত যোৱা ২০ জুলাইৰ নিশা হাউলীৰ কালঝাৰৰ পৰা বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পংকজ পাঠকক।
অৱশ্যে, ২৪ ঘন্টা সম্পূৰ্ণ নোহোৱাকৈ আৰক্ষীৰ জিম্মাৰ পৰাই জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল পংকজ পাঠক।

অৱশ্যে, মহিলাক উদ্দেশ্যি তেনে মন্তব্য দিয়াৰ পাছত এতিয়া কিছু পৰিমাণে অনুতপ্ত আচাৰ্য্যগৰাকী।এক ফেচবুক পোষ্টযোগে পাঠকে সকলোকে ধন্যবাদ জনাই কয় “আপোনালোকে অন্যায়ৰ বিৰুদ্ধে সকলোৱে একগোট হৈ মোৰ পক্ষত Social media ত যিধৰণে লাগিলে , সেই ঋণ হয়তো মই এই জীৱনত পৰিশোধ কৰিব নোৱাৰিম । হয় মই মোৰ কিছুমান কমেণ্টৰ দ্বাৰা মাজে মাজে দুই এজনৰ মনত দুখ দিছোঁ । কিন্তু আজি মই সেইসকল ব্যক্তিকো মাফ খুজিছোঁ , যিসকল ব্যক্তি মোৰ কমেণ্টৰ দ্বাৰা মনত আঘাত পাইছিল “।

Apply Now

পাঠকে লগতে লিখি কয় “এটা কণ্টকময় পাৰিবাৰিক জীৱন , ছমাহৰ ভিতৰত মাতৃ আৰু ভাতৃ দুয়োজনকে হেৰুৱাই মই মানসিক ভাৱে কিছু ভাৰাক্ৰান্ত হৈ হয়তো বহুতৰে মনত আঘাত দিছোঁ । এই চেগতে তেওঁলোককো মই মাফ খুজিছোঁ” ।
ইপিনে, সংগদোষত পৰাৰ বাবেহে বহু সময়ত এটা বিশেষ ধৰ্ম বা সম্প্ৰদায়ক লৈ পাঠকে গালি গালাজ পাৰি আহিছিল বুলি তেওঁ উল্লেখ কৰে।

তেওঁ কয় “এটা সময়ত মই হয়তো কিছু সংগ দোষত পৰি নাইবা কাৰোবাৰ প্ৰৰোচনাত পৰিয়েই হওঁক , এটা বিশেষ ধৰ্মৰ মানুহৰ ওপৰত অজানিতে মই কিছুমান মন্তব্য দিছিলোঁ । যাৰ বাবে মই তেওঁলোকৰ মাজত সমালোচিত হৈছিলোঁ । কিন্তু মোৰ এই বেয়া দিনৰ সময়ত তেওঁলোকেও মোৰ হৈ যুদ্ধ কৰি মোক এইটো প্ৰমাণ কৰি দিছে যে আমি সকলো অসমীয়া আৰু আমি সকলো ভাই-ককাই । এই চেগতে মই তেওঁলোককো মাফ খুজিব বিচাৰিছোঁ । তেওঁলোকে যেন মোক নিজৰ ভাতৃ জ্ঞান কৰি মাফ কৰি দিয়ে” ।

সকলোৱে বিচৰা ধৰণে আজিৰ পৰাই পংকজ পাঠকে সামাজিক মাধ্যমত কোনো ধৰণৰ ব্যক্তিগত মন্তব্য দিয়াৰ পৰা বিৰত থাকিব বুলি উল্লেখ কৰে ।

কেৱল স্বাস্থ্য সম্পৰ্কীয় বিধান দিয়াৰ বাবে ফেচবুকৰ ব্যৱহাৰ কৰিব বুলিও তেওঁ জনায় ।শেষত তেওঁ লিখি কয় “যিহেতু আপোনালোকে মোক মোৰ বিপদৰ সময়ত অকলে এৰি নিদিলে , সেয়েহে মইও আপোনালোকৰ মাজত চিৰদিন এনেকৈয়ে থাকিম” ।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

গুৱাহাটীৰ আজাৰাত মহিলা অধিবক্তাক লাঞ্ছনাৰ অভিযোগ: উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অভিযুক্ত অধিবক্তা গ্ৰেপ্তাৰ

October 17, 2026 9:43 pm
পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd