NORTHEAST NOW (Assamese)

ক’ৰ’ণাত আক্ৰান্ত তিনিটাকৈ তুষাৰ চিতা বাঘ : আতংকিত জীৱ বিজ্ঞানী

December 14, 2020 8:10 am · এন ই নাও নিউজ
Updated: December 14, 2020 8:13 am

সমগ্ৰ বিশ্বৰ মানৱ সম্প্ৰদায়ৰ মাজত আতংক সৃষ্টিকাৰী মহামাৰী ক’ৰ’ণা কেৱল মানৱ কুলৰ মাজতে সীমাৱদ্ধ হৈ থকা নাই।

এই মহামাৰী ভাইৰাছ বিধৰ প্ৰৱেশ ঘটিছে বিশ্বৰ অন্যান্য জীৱৰ দেহটো। ইয়াৰ পিছতে আতংকিত হৈ উঠা দেখা বিশ্বৰ জীৱবিজ্ঞানীসকলক।

শেহতীয়াকৈ অহা খবৰৰ মতে তুষাৰ চিতা বাঘ( snow leopard)ৰ দেহটো পোৱা গৈছে মহামাৰী ক’ৰ’ণাৰ উপস্থিতি।

আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি আমেৰিকাৰ কেন্টাকিৰ চিৰিয়াখানাৰ এজনী মাইকী তুষাৰ চিতা আৰু লুইভিলেৰ চিৰিয়াখানাৰ দুটা তুষাৰ চিতাৰ শৰীৰত পোৱা গৈছে ক’ৰ’ণা ভাইৰাছৰ উপস্থিতি।

বাতৰি অনুসৰি শ্বাস-প্ৰশ্বাসৰ সমস্যাত ভোগা তুষাৰ চিতা তিনিটাক চিৰিয়াখানাৰ কৰ্তৃপক্ষই নমুনা পৰীক্ষা কৰায়।

এই নমুনা পৰীক্ষাৰ ফলাফলত স্পষ্ট হয় যে চিৰিয়াখানা দুখনৰ তিনিটা তুষাৰ চিতা বাঘ ক’ৰ’ণাত আক্ৰান্ত হৈছে।

ইয়াৰ পিছতে তুষাৰ চিতাকেইটাক পৃথকে পৃথকে চিকিৎসকৰ তত্বাৱধানত ৰখা হৈছে আৰু কেনেকৈ তুষাৰ চিতা কেইটাৰ শৰীৰত ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ হ’ল সেয়া অনুসন্ধান কৰি থকা হৈছে।

Related News