NORTHEAST NOW (Assamese)

হাফলঙত সেনা-উগ্ৰপন্থীৰ ভয়ানক সংঘৰ্ষ : নিৰাপত্তাৰক্ষীৰ গুলীত এনএছ চিএন (আই এম)ৰ ৩ কেডাৰ নিহত

April 29, 2025 8:56 pm · এন ই নাও নিউজ, গুৱাহাটী

মঙলবাৰে ডিমা হাচাও জিলাৰ ডিহামলাইত নিৰাপত্তাৰক্ষীৰে উগ্ৰপন্থীৰ ভয়ানক সংঘৰ্ষৰ সৃষ্টি হয়।

নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এই গুলীচালনাত নেশ্যনেল ছচিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড (ইছাক-মুইভা) তিনিজন কেডাৰ নিহত হয়।

হাফলং আৰক্ষী থানাৰ অন্তৰ্গত এন খুবিং গাঁও আৰু হেৰেকিলো গাঁৱৰ মাজত সংঘটিত হয় এই ঘটনা।

এনকাউণ্টাৰ স্থানৰ পৰা নিৰাপত্তা বাহিনীয়ে এটা এ কে ৪৭ ৰাইফল, এটা পিষ্টল আৰু কেইবাজাই সজীৱ গুলী উদ্ধাৰ কৰে।

সূত্ৰৰ পৰা জানিব পৰা মতে, মঙলবাৰৰ পুৱাৰে পৰা এন এছ চি এন (আই এম)ৰ কেডাৰ আৰু নিৰাপত্তাৰক্ষীৰ মাজত গুলীচালনা হয়।

এই ঘটনাৰ পিছতে আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰিছে। লগতে, সমীপৱৰ্তী অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা যান-বাহনসমূহো পৰীক্ষা কৰিছে। জানিব পৰা মতে, এই ঘটনাত ৩ জন উগ্ৰপন্থী নিহত হোৱাৰ লগতে চাৰিগৰাকী সেনা আৰু আৰক্ষী জোৱান আহত হৈছে।

Related News