NORTHEAST NOW (Assamese)

নিৰ্বাচনৰ পূৰ্বে ৰক্তাক্ত কাশ্মীৰ : উগ্ৰপন্থীৰ গুলীত নিহত দুই ভাৰতীয় সৈনিক

September 14, 2024 9:49 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

চলিত মাহত জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন। তাৰ পূৰ্বে ৰক্তাক্ত হৈ পৰিছে কাশ্মীৰৰ মাটি। পুনৰ উগ্ৰপন্থীৰ সৈতে হোৱা তীব্ৰ বন্দুক যুদ্ধত শ্বহীদ হ’ল ভাৰতীয় সেনাৰ দুজন জোৱান। লগত আন দুজন গুৰুতৰভাৱে আহত হৈছে। আহত সৈনিক দুগৰাকী বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

যোৱা নিশা কিস্তৱাৰ জিলাত জেহাদীৰ সৈতে সেনাৰ সংঘৰ্ষ হয়। উগ্ৰপন্থীক বিচাৰি এতিয়াও ব্যাপক তালাচী অভিযান অব্যাহত আছে। তাত সংঘটিত হোৱা এনকাউণ্টাৰত এজন উগ্ৰপন্থী নিহত হয়।

সেনাৰ সূত্ৰ অনুসৰি নিৰ্বাচনমুখী কাশ্মীৰত উগ্ৰপন্থীয়ে বৃহৎ কুটাঘাতৰ পৰিকল্পনা কৰিছে। নিৰ্বাচন ধ্বংস কৰিবলৈ উঠিপৰি লাগিছে উগ্ৰপন্থী।

লগতে পঢ়কঃ নিৰ্বাচনী যুঁজত দেশৰ আটাইতকৈ ধনী মহিলাগৰাকী; অসমৰ সৈতেও আছে সম্পৰ্ক, কোন দলৰ প্ৰাৰ্থী?

শুকুৰবাৰে কিস্তৱাৰ জিলাত জেহাদীয়ে আত্মগোপন কৰা বুলি খবৰ ওলাইছিল। ইয়াৰ পিছতে সেনা আৰু কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰে। গোটেই অঞ্চলটো ঘেৰি ধৰি সেনা-আৰক্ষীয়ে অভিযান চলায়।

জানিব পৰা মতে, সেনাজোৱানক দেখি উগ্ৰপন্থীয়ে বনাঞ্চলৰ দিশৰ পৰা গুলীচালনা আৰম্ভ কৰে। ইয়াৰ পিছতে চাৰিজন জোৱান গুলীবিদ্ধ হয়। স্থানীয় চিকিৎসালয়লৈ নিয়াৰ সময়ত দুজনৰ মৃত্যু হয়। বাকী দুজনক প্ৰাথমিক চিকিৎসাৰ অন্তত বিমানযোগে সেনা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

সেনাৰ তথ্য অনুসৰি শ্বহীদ সেনা দুগৰাকী হৈছে কনিষ্ঠ কমিচনপ্ৰাপ্ত বিষয়া বিপন কুমাৰ আৰু অৰবিন্দ সিং।

লগতে পঢ়কঃ দিনটোত কিমানবাৰ প্ৰস্ৰাৱ কৰে? সংখ্যাই ক’ব আপুনি সুস্থ নে…

Related News