• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনী যুঁজত দেশৰ আটাইতকৈ ধনী মহিলাগৰাকী; অসমৰ সৈতেও আছে সম্পৰ্ক, কোন দলৰ প্ৰাৰ্থী?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2024 9:46 am
সাৱিত্ৰী জিন্দাল। ফাইল  ফটোঃ সংগ্ৰহীত।

সাৱিত্ৰী জিন্দাল। ফাইল ফটোঃ সংগ্ৰহীত।

1.7k
VIEWS
Share on FacebookShare on Twitter

দেশৰ আটাইতকৈ ধনী মহিলা সাৱিত্ৰী জিন্দাল। এইবাৰ ফৰ্বছ ইণ্ডিয়াৰ তালিকাত দেশৰ আটাইতকৈ ধনী মহিলা হিচাপে স্থান লাভ কৰিছে। সেই সাবিত্ৰী জিন্দাল এইবাৰ নিৰ্বাচনী যুঁজত নামিছে। হাৰিয়ানা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰাৰ অন্তিম দিনা ৭৪ বছৰীয়া সাবিত্ৰীয়ে হিছাৰ আসনৰ বাবে মনোনয়ন দাখিল কৰে।

উল্লেখ্য যে সাৱিত্ৰী জিন্দালৰ অসমৰ সৈতেও আছে সম্পৰ্ক।  ১৯৫০ চনৰ ২০ মাৰ্চত জন্মগ্ৰহণ কৰা সাৱিত্ৰী জিন্দাল ডাঙৰ-দীঘল হৈছিল অসমৰ তিনিচুকীয়া চহৰত। তীখা আৰু শক্তিৰ সংঘবদ্ধ সংস্থা জিন্দাল গ্ৰুপ প্ৰতিষ্ঠা কৰা ওম প্ৰকাশ জিন্দালৰ সৈতে তেওঁ ১৯৭০ চনত বিবাহপাশত আৱদ্ধ হয়।

লগতে পঢ়কঃ অষ্ট্ৰেলিয়া চৰকাৰক ‘ফেচিষ্ট’ আখ্যা ইলন মাস্কৰ : কিন্তু কিয়?

সাৱিত্ৰী প্ৰয়াত উদ্যোগপতি অ‘ পি জিন্দালৰ পত্নী হোৱাৰ লগতে আৰু কুৰুক্ষেত্ৰৰ বিজেপি সাংসদ নবীন জিন্দালৰ মাতৃ। নবীন বিজেপি সাংসদ, কিন্তু মাতৃয়ে একেটা দলৰ হৈয়ে যুঁজিবনে? যদিও এই প্ৰশ্নক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, তথাপি মনোনয়ন দাখিল কৰাৰ পিছতে জনা গৈছে যে সাৱিত্ৰীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰিছে। তেওঁ হাৰিয়ানাৰ মন্ত্ৰী, বৰ্তমানৰ বিধায়ক কমল গুপ্তাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব।

মনোনয়ন দাখিল কৰাৰ পিছত তেওঁ কয় যে তেওঁ এই নিৰ্বাচনত হিছাৰবাসীৰ উন্নয়ন আৰু পৰিৱৰ্তনৰ বাবে নিৰ্বাচনত নামিছে। হিছাৰৰ প্ৰতিজনেই তেওঁৰ পৰিয়ালৰ, ওম প্ৰকাশ জিন্দালে তেওঁৰ সৈতে এই পাৰিবাৰিক সম্পৰ্ক স্থাপন কৰিছে।

ইতিমধ্যে এই প্ৰশ্ন উত্থাপন হৈছে যে তেওঁৰ পুত্ৰ বিজেপিৰ সাংসদ। সাৱিত্ৰীয়ে  অৱশ্যে জনায় যে তেওঁ বিজেপিৰ সদস্যপদ গ্ৰহণ কৰা নাই, কেৱল পুত্ৰৰ হৈ প্ৰচাৰহে চলাইছিল।

লগতে পঢ়কঃ দিনটোত কিমানবাৰ প্ৰস্ৰাৱ কৰে? সংখ্যাই ক’ব আপুনি সুস্থ নে…

উল্লেখ্য যে হাৰিয়ানাৰ ৯০ খন আসনৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে অহা ৫ অক্টোবৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ৮ অক্টোবৰত হ’ব ভোট গণনা। 

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd