NORTHEAST NOW (Assamese)

কোকৰাঝাৰত বজ্ৰপাতত ২জন নিহত, ৬জন আহত

May 11, 2019 9:25 pm · ৰিনয় বসুমতাৰী

আজি পুৱাতেই অহা ধুমুহা-বৰষুণৰ মাজতে কোকৰাঝাৰ জিলাৰ কচুগাঁও থানাৰ অন্তৰ্গত কেইবা ঠাইত বজ্ৰপাতৰ ঘটনা সংঘটিত হয়।

ইয়াৰে এটা মৰ্মান্তিক ঘটনাত টাকুমপুৰ গাঁৱৰ একেটা পৰিয়ালৰে দুজন লোকৰ মৃত্যু হয়। নিহত লোক দুজনৰ নাম ক্ৰমে নৰেশ্বৰ বসুমতাৰী আৰু লক্ষণ বসুমতাৰী।

চিকিৎসালয়ত বজ্ৰপাতত আহত এটি শিশু।

আন হাতে এটি শিশুসহ আন ৬জন লোক আহত হৈছে। আহতসকলক কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে।

তথ্য মতে কোকৰাঝাৰ জিলাত বজ্ৰপাতৰ ঘটনাৰ হাৰ অতি বেছি। প্ৰতি বছৰে জিলাখনত বহু লোক আৰু পোহনীয় জন্তুৰ মৃত্যু হয়।

জিলাখনত যোৱা বছৰটোতো এক ডজনৰো অধিক লোকৰ বজ্ৰপাতত মৃত্যু হৈছিল।

Related News