NORTHEAST NOW (Assamese)

সংঘৰ্ষৰ স্থানলৈ আত্মীয়ক লৈ যোৱাৰ পাছতে কাশ্মীৰত পুনৰ দুগৰাকী সন্ত্ৰাসবাদীৰ আত্মসমৰ্পন

October 23, 2020 4:29 pm · এন ই নাও নিউজ
আত্মসমৰ্পন কৰা সন্ত্ৰাসবাদী দুজন

ভাৰতীয় সেনা বাহিনী আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে সংঘৰ্ষৰ স্থানলৈ পৰিয়ালৰ লোকক নিয়াৰ পাছতে আত্মসমৰ্পন কৰে সন্ত্ৰাসবাদীয়ে।

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত এই ঘটনা সংঘটিত হয়।

বৃহস্পতিবাৰে কাশ্মীৰৰ আই জি পি বিজয় কুমাৰ জনোৱা মতে নিৰাপত্তাৰক্ষী বাহিনীৰ সৈতে নতুনকৈ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা দুজন সন্ত্ৰাসবাদীৰ সংঘৰ্ষ চলি আছিল।

পৰৱৰ্তী সময়ত নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱানে উক্তস্থানলৈ সন্ত্ৰাসবাদী দুজনৰ পৰিয়ালৰ আত্মীয় লোকক লৈ যোৱাৰ পাছতে সন্ত্ৰাসবাদী দুজনে নিৰাপত্তাৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰি মূল সূতিলৈ উভতি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

বাৰামুল্লা জিলাৰ চোপোৰ চহৰৰ তুজ্জুৰ অঞ্চলত এই ঘটনা সংঘটিত হয়।

আত্মসমৰ্পন কৰা সন্ত্ৰাসবাদী দুজন আবিদ আৰু মেহৰাজ বুলি চিনাক্ত কৰা হয়।

বিজয় কুমাৰে জনোৱা মতে কিছুমাহ পূৰ্বে দুয়ো সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰিছিল।

উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে আন এগৰাকী সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষী বাহিনীৰ ওচৰত আত্মসমৰ্পন কৰিছিল আৰু নিৰাপত্তাৰক্ষী বাহিনীৰ লোকে তেওঁক পৰিয়ালৰ লোকৰ ওচৰত গটায় দিছিল।

ভাৰতীয় সেনা বাহিনীয়ে উক্ত ভিডিঅ’টো ছ’চিয়েল মিডিয়াৰ মাধ্যমেৰেও শ্বেয়াৰ কৰিছিল আৰু ভিডিঅ’টো ভাইৰেল হৈ পৰিছিল।

Related News