NORTHEAST NOW (Assamese)

এন আই এ’, অসম আৰক্ষীক মুকলি প্ৰত্যাহ্বান আলফা (স্বাঃ)ৰ

November 24, 2018 6:10 pm · এন ই নাও নিউজ
Updated: November 24, 2018 10:10 pm
সতীৰ্থৰ সৈতে আলফা (স্বাঃ) সেনা প্ৰধান পৰেশ বৰুৱা। ফাইল ছবি।

ধলা গণহত্যা আলফা (স্বাধীন)এ সংঘটিত কৰা বুলি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা আৰু অসম আৰক্ষীয়ে কৰা দাবী অগ্ৰাহ্য কৰি হত্যাকাণ্ডটোত সংগঠনটো জৰিত থকাৰ প্ৰমাণ অসমৰ জনগণৰ সন্মুখত ৰাজহুৱা কৰিবলৈ এন আই এ’ক মুকলি প্ৰত্যাহ্বান জনাইছে বিদ্ৰোহী সংগঠনটোৱে।

“এন আই এ’ই অসমৰ জনসাধাৰণ আৰু আমাক জনাওক কিহৰ ভিত্তি আৰু প্ৰমাণত তেওঁলোকে আমাৰ সংগঠনক অভিযুক্ত কৰিছে,” শনিবাৰে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা বিবৃতিত এই ‘‘প্ৰত্যাহ্বান’’ আলফা (স্বাঃ)ৰ প্ৰচাৰ আৰু তথ্য বিভাগৰ সহকাৰী সম্পাদক মে’জৰ অৰুণোদয় অসমৰ।

লগতে পঢ়ক– দুৰ্ধৰ্ষ দৃষ্টি ৰাজখোৱাৰ নেতৃত্বত বাংলাদেশত আজিও সক্ৰিয় আলফা (স্বাঃ)

“ঔপনিৱেশিক” ভাৰতীয় শাসন যন্ত্ৰৰ নিৰ্দেশত সংঘটিত হত্যাকাণ্ডৰ ক্ষেত্ৰত ৰাইজৰ মন আনফালে ঢাল খুওৱাৰ বাবে তদন্তকাৰী সংস্থাই চিৰদিনে এই পথ গ্ৰহণ কৰা বুলি মন্তব্য কৰিছে আলফা (স্বাঃ)এ।

“এইটো খুব জনাজাত কথা যে যেতিয়া কোনো হত্যাত ঔপনিৱেশিক ভাৰতীয় চৰকাৰী যন্ত্ৰ জৰিত থাকে, হত্যাকাৰী কেতিয়াও পোহৰলৈ নাহে আৰু তদন্তকাৰী সংস্থাসমূহে তদন্তৰ নামত আলফা (স্বাঃ)ৰ দৰে সংগঠনক অভিযুক্ত কৰি ৰাইজৰ মন বিচ্যুত কৰে,” দাবী আলফা (স্বাঃ)ৰ।

লগতে পঢ়ক– ‘নিয়া’ৰ তদন্তৰ মাজতে ধলা কাণ্ডৰ সৈতে আলফা জড়িত থকাৰ দাবী ডিজিপিৰ

এন আই এ’ই ২০০৮ চনত গুৱাহাটীৰ ধাৰাৱাহিক বোমা বিস্ফোৰণতো আলফা জৰিত বুলি দিয়া প্ৰাৰম্ভিক প্ৰতিবেদনৰ কথাও সংস্থাটোক “সোঁৱৰাই” দিছে সংগঠনটোৱে।

লগতে পঢ়ক– আলফাৰ অস্ত্ৰৰ জবাব ‘শক্তিৰে’ দিব ৰাষ্ট্ৰই, আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাত মন্তব্য হিমন্ত বিশ্বৰ

যোৱা ৭ মাহে সন্ধানহীন ৰেৱতী ফুকন বা এসময়ৰ বিভীষিকাময় গুপ্তহত্যা বা সাংবাদিক পৰাগ দাস, এ বি এমছু নেতা লাফিকুল ইছলামৰ হত্যা সন্দৰ্ভত তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন অসমৰ জনগণক জনাই নিজৰ “দক্ষতা’’ প্ৰমাণৰ বাবে এন আই এ’ আৰু আৰক্ষীক প্ৰত্যাহ্বান জনাইছে নিষিদ্ধ সংগঠনটোৱে।

Related News