NORTHEAST NOW (Assamese)

উন্নয়নৰ নমুনা! খহি পৰিল ১,৭০০ কোটি টকীয়া নিৰ্মীয়মান দলং

June 4, 2023 8:20 pm · এন ই নাও নিউজ, গুৱাহাটী

বিহাৰৰ ভাগলপুৰৰ খগড়িয়াত ১৭০০ কোটিৰো অধিক ব্যয় সাপেক্ষে নিৰ্মীয়মান অৱস্থাত আছে আগুৱানি চুলতানজ গংগা দলং৷ পিছে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বেই আজি এটাৰ পিছত এটাকৈ ভাঙি বাগৰি পৰিল দলংখনৰ দুটা অংশ।

দলংখন ভাঙি পৰাৰ এই সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। প্ৰকাশিত খবৰ অনুসৰি দলংখনৰ প্ৰায় ৩ ফুট অংশ তলেৰে বৈ যোৱা গংগা নদীত ভাঙি পৰে। বিগত এপ্ৰিল মাহতো ধুমুহাৰ ফলত দলংখনৰ কিছু ক্ষতিসাধন হৈছিল।

খগড়িয়া, আগুৱনী আৰু চুলতানঞ্জৰ মাজৰ গংগা নদীত দলংখনৰ মাজৰ অংশ নিৰ্মাণ কৰি আছিল। লক্ষণীয়ভাৱে, দুবছৰ পূৰ্বেও দলংখনৰ এটা অংশ ভাঙি গৈছিল।

 

বিহাৰত অৱশ্যে নিৰ্মাণৰত অৱস্থাতে দলং ভাঙি পৰাৰ ঘটনা এয়াই নতুন নহয়। ইয়াৰ পূৰ্বে ২০২২ চনৰ ডিচেম্বৰ মাহত বিহাৰৰ বেগুচৰাইৰ বুঢ়ী গণ্ডক নদীত নিৰ্মাণ কৰা দলঙৰ এটা অংশ ভাঙি গৈছিল।

দলংখনৰ মাজতে ফাট মেলাৰ পিছতে দলংখনৰ ২ আৰু ৩ নং খুঁটাদুটা ভাঙি পৰিছিল। তাৰ এমাহ পূৰ্বে নৱেম্বৰ মাহত মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ গৃহ জিলা নালন্দাত নিৰ্মাণৰত এখন দলং ভাঙি পৰাত এগৰাকী শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন এজন শ্ৰমিক আহত হয়।

উদ্বোধনৰ পূৰ্বে কিষানগঞ্জ আৰু সহাৰছা জিলাতো ভাঙি পৰিছিল নিৰ্মাণৰত দলং।

Related News