NORTHEAST NOW (Assamese)

নামৰূপ সাৰ কাৰখানালৈ ১০০ কোটি টকাৰ অনুদানত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ

February 10, 2021 4:19 pm · এন ই নাও নিউজ
Updated: February 10, 2021 5:35 pm

ৰাজ্যৰ একমাত্ৰ সাৰ কাৰখানা নামৰূপৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰটিলাইজাৰছ কৰ্প’ৰেছন(BVFCL)ক অধিক সক্ৰিয় আৰু উৎপাদনমুখী কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা ১০০ কোটি টকাৰ পেকেজত আজি কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়।

দেশৰ সাৰ দপ্তৰৰ অধীনত পৰিচালিত নামৰূপ সাৰ কাৰখানাই বিগত বহু বছৰ ধৰি নানান সমস্যাৰ সন্মুখীন হৈ আহিছে।

বিশেষকৈ কাৰখানাটোৰ যন্ত্ৰ-পাতি আওপুৰণি হৈ পৰাৰ ফলত উৎপাদন লক্ষ্যণীয় হাৰত হ্ৰাস পাইছে।

সাৰ কাৰখানাটোৰ মাত্ৰ দুটা ইউনিটহে এতিয়া সক্ৰিয় হৈ আছে । সেই দুটা হৈছে ক্ৰমে নামৰূপ-১ আৰু নামৰূপ-২ ইউনিট।

গেছ চালিত দেশৰ প্ৰথমটো সাৰ কাৰখানাক অধিক উৎপাদনশীল কৰি তোলাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কিছুদিন পূৰ্বে ১০০ কোটি টকাৰ পেকেজ আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল।

আজি কেন্দ্ৰীয় কেবিনেট চৰকাৰৰ উতক্ত প্ৰস্তাৱত অনুমোদন জনায়।এই ধন ৰাশি সাৰ কাৰখানাটোৰ যন্ত্ৰ-পাতিৰ উন্নয়ন আৰু আন্তঃগাথঁনিৰ উন্নয়নৰ বাবে খৰচ কৰা হ’ব।

সাৰ কাৰখানাটোৰ যন্ত্ৰপাতি আদি সলনি কৰিলে কাৰখানাটোৱে বছৰি প্ৰায় ৩.৯০ মেট্ৰিক টন ইউৰিয়া উৎপাদন কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

নামৰূপ সাৰ কাৰখানাত বৰ্তমান ৫৮০ গৰাকী স্থায়ী কৰ্মচাৰী  আৰু প্ৰায় ১৫০০ গৰাকী অস্থায়ী কৰ্মচাৰী আছে ।

এই কাৰখানাটোৰ সৈতে পৰোক্ষ ভাবে জড়িত হৈ থকা লোকৰ সংখ্যা প্ৰায় ২৮,০০০ গৰাকী।

নামৰূপ সাৰ কাৰখানাৰ উৎপাদন বৃদ্ধি পালে অসমৰ চাহ উদ্যোগৰ লগতে কৃষিক্ষেত্ৰত ইউৰীয়াৰ যোগান বৃদ্ধি কৰিব পৰা যাব।

Related News