NORTHEAST NOW (Assamese)

পুনৰ অশান্ত হংকং : গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত ক’ৰ’নাতংকৰ মাজতে প্ৰতিবাদী মিছিল আৰম্ভ

June 29, 2020 8:50 pm · এন ই নাও নিউজ
Updated: June 29, 2020 8:55 pm
প্ৰতিনিধিত্বমূলক ফ'টো, উৎস- ইন্টাৰনেট

ক’ৰ’নাতংকৰ মাজতে গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ দাবীত প্ৰতিবাদত মুখৰ হৈ উঠিছে হংকং।

চীনৰ প্ৰস্তাৱিত নিৰাপত্তা আইনৰ প্ৰতিবাদত দেওবাৰে কাউলুন চহৰৰ জৰডানৰ পৰা মংকক পৰ্যন্ত মৌন সমদলত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ লোকে।

শান্তিপূৰ্ণ প্ৰতিবাদী মিছিলৰ মাজতো ৫৩ গৰাকী প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে চীন আৰক্ষীয়ে।

উল্লেখ্য যে প্ৰতিবাদী মিছিলক ব্যৰ্থ কৰাৰ বাবে সৰ্বশক্তি প্ৰয়োগ কৰিছিল চীন আৰক্ষীয়ে।

দীৰ্ঘদিন ব্ৰিটিছৰ অধীনত থকা হংকঙৰ নাগৰিকসকলৰ গণতান্ত্ৰিক অধিকাৰক চীনৰ কমিউনিষ্ট পাৰ্টিয়ে বেছ কিছুদিন ধৰি খৰ্ব কৰি আহিছে।

চীনৰ মূল ভুখণ্ডৰ নাগৰিকৰ দৰে চীনৰ কাঢ়া শাসন আৰু নজৰত দিন অতিবাহিত কৰিবলগীয়া হৈছে হংকঙৰ নাগৰিকসকলে।

চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে আৰু গণতন্ত্ৰ প্ৰতিষ্ঠাৰ দাবীত যোৱা বছৰৰ পৰা হংকংঙৰ লক্ষ্য লক্ষ্য লোকে চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাৱ্যস্ত কৰি আহিছে।

ইফালে সন্ত্ৰাস দমৰ নামত প্ৰতিবাদকাৰী ওপৰত অমানুষিক অত্যাচাৰ কৰাৰ লগতে মানৱ অধিকাৰ খৰ্ব কৰি আহিছে চীনে।

মাৰ্কিন যুক্তৰাষ্ট্ৰ, ব্ৰিটেইনকে আদি কৰি বহু ৰাষ্ট্ৰই চীনৰ এই দমন আৰু আগ্ৰাসক বিৰোধিতা কৰি আহিছে।

আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে হংকঙত চীনে নতুন আইন প্ৰৱৰ্তন কৰিলে চীনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰাৰ ভাবুকিও প্ৰদান কৰিছে।

কিন্তু ইয়ালৈ ভ্ৰক্ষেপ নকৰি হংকঙত চীনে চলিত মাহতে প্ৰস্তাৱিত আইনখন গৃহীত কৰিবলৈ উঠি পৰি লাগিছে।

এই সন্দৰ্ভত দেওবাৰে চীন নেশ্যনেল পিপ’লছ কংগ্ৰেছৰ ষ্টেণ্ডিং কমিটিএ বিলখনৰ সংক্ৰান্তত এক আলোচনা কৰা বুলি চীনৰ চৰকাৰী সংবাদ পত্ৰ জিনহুৱা-এ প্ৰকাশ কৰিছে।

ইয়াৰ পিছতে হংকঙত ক’ৰ’নাতংকৰ মাজতে পুনৰ প্ৰতিবাদ আৰম্ভ হৈছে।

Related News