NORTHEAST NOW (Assamese)

চিৰদিনলৈ চকু মুদিলে ‘লগান’ৰ ‘ৰাম সিং’ ৰূপী জাভেদ খান আমৰোহীয়ে

February 14, 2023 8:22 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 14, 2023 8:29 pm

বলীউড তথা টেলিভিছনৰ প্ৰবীণ অভিনেতা জাভেদ খান আমৰোহীৰ আজি সন্ধিয়া মুম্বাইত মৃত্যু হয়। জানিব পৰা মতে, প্ৰবীণ অভিনেতাগৰাকীয়ে বিগত কিছুদিন ধৰি উশাহ-নিশাহ সম্পৰ্কীয় সমস্যাত ভুগি আছিল আৰু বিগত এবছৰ ধৰি শয্যাশায়ী হৈ আছিল।

দুয়োটা হাওঁফাওঁ বিকল হৈ পৰা অভিনেতাগৰাকীক শেহতীয়াকৈ ছান্টাক্ৰুজৰ সূৰ্য্য নাৰ্চিং হোমত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসাধীন অৱস্থাতে আজি তেওঁৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটে আৰু সন্ধিয়া ৬০ বৰ্ষীয় অভিনেতাগৰাকীয়ে চিৰদিনৰ বাবে চকু মুদে।

উল্লেখ্য যে, জাভেদ খান আমৰোহীয়ে ১৫০ খনতকৈও অধিক বলীউড চিনেমাত সহযোগী চৰিত্ৰত অভিনয় কৰিছিল। আমৰোহী অভিনীত জনপ্ৰিয় ছবিৰ ভিতৰত লগান, কুলি নং ১, আন্দাজ আপনা আপনা, বড়ে মিয়া ছোটে মিয়া, এক ঔৰ এক গ্যাৰহ, চক দে! ইণ্ডিয়া, ফিৰ হেৰা ফেৰী অন্যতম।

তেওঁক শেষবাৰৰ বাবে ২০২০ চনত আলিয়া ভাট আৰু সঞ্জয় দত্ত অভিনীত সড়ক ২ ছবিত দেখা গৈছিল। তেওঁ যথেষ্ট সংখ্যক হিন্দী টিভি ধাৰাবাহিকতো অভিনয় কৰিছিল আৰু নাট্যগোট আইপিটিএ (ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ’চিয়েচন)ৰ সক্ৰিয় সদস্য আছিল।

জাভেদ খান আমৰোহী বিশেষকৈ লগান ছবিত ধাৰাভাষ্যকাৰ ৰাম সিঙৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে অত্যধিক জনপ্ৰিয় তথা পৰিচিত আছিল। লগানত ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিপক্ষে ক্ৰিকেট মেচত আমিৰ খান নেতৃত্বাধীন দলটোৰ জয়ৰ মুহূৰ্তত ৰাম সিঙৰ মুখেৰে ওলোৱা “হাম জীত গয়ী” বাক্যটোৰ বাবে জাভেদ খানে এক বিশেষ ৰূপত জনপ্ৰিয় হৈ পৰিছিল।

Related News