NORTHEAST NOW (Assamese)

Monkeypox বতাহৰ জৰিয়তেও বিয়পিব পাৰে মাংকি পক্স ভাইৰাছ, মাৰ্কিন বিজ্ঞানীৰ ঘোষণা

June 11, 2022 8:53 pm · এন ই নাও নিউজ,গুৱাহাটী

বিশ্বৰ কেইবা খনো দেশত আতংকৰ সৃষ্টি কৰা মাংকি পক্স ভাইৰাছবিধ বতাহৰ জৰিয়তেও বিয়পিব পাৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰই (চিডিচি) এই কথা প্ৰকাশ কৰিছে। প্ৰতিষ্ঠানটোৱে প্ৰকাশ কৰা মতে ভাইৰাছবিধ বায়ুৰ মাজেৰে বিয়পিব পাৰে। কিন্তু কেৱল সংক্ৰমিত ব্যক্তি এজনৰ সৈতে মুখামুখি সংস্পৰ্শৰ জৰিয়তেহে ই বতাহত মিলি যাব পাৰে।

চিডিচিৰ মুৰব্বী ৰোচেল ৱালেনস্কিয়ে কয় যে যে লক্ষণযুক্ত ৰোগীসকলৰ সৈতে শাৰীৰিক সম্পৰ্কৰ জৰিয়তে আৰু তেওঁলোকৰ কাপোৰ , বিচনা আদিৰ জৰিয়তেও মাংকি পক্স বিয়পিব পাৰে।

বতাহত বিয়পিব পৰা এই ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ মাক্স পিন্ধাটো প্ৰয়োজন হ’ব নে নাই তাকেলৈ মানুহৰ মাজত কৌতূহলৰ সৃষ্টি হৈছে।

এনেসময়তে এপিডেমিঅ’লজিষ্টসকলে কৈছে যে কোভিডৰ দৰে মাংকি পক্সৰ ভাইৰাছ ‘বতাহত ভাঁহি নুফুৰে’।

মাংকি পক্সৰ ভাইৰাছ যথেষ্ট গধুৰ বাবে ই ততালিকে মাটিত পৰি যায়।

চিফিলিছ, গনোৰিয়া আৰু ক্লেমাইডিয়াকে ধৰি যিকোনো যৌন সংক্ৰমণ থকা লোক মাংকি পক্সত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি বুলি বিশেষজ্ঞসকলে কৈছে।

Related News