NORTHEAST NOW (Assamese)

ৱেগন আৰ ইলেকত্ৰিক: কম দামত আগবঢ়াব মাৰুতি ছুজুকিয়ে

July 18, 2019 4:53 pm · এন ই নাও নিউজ
Updated: July 18, 2019 5:03 pm
প্ৰতীকী ছবি। সৌজন্য-- Cartoq

ভাৰতত শেহতীয়াকৈ ইলেকত্ৰিক গাড়ীক লৈ বিভিন্ন অগ্ৰগতি চলি আছে। কিন্তু এনে গাড়ীৰ জনপ্ৰিয়তাৰ ক্ষেত্ৰত প্ৰধান সমস্যা হৈছে ইবোৰৰ দাম সাধাৰণ লোকৰ ক্ৰয় ক্ষমতাৰ বাহিৰত।

কিন্তু ভাৰতীয় বজাৰ দাম সংবেদী। সেয়ে, মধ্যবিত্তৰ সামৰ্থ্যৰ ভিতৰৰ এখন ইলেকত্ৰিক গাড়ী মুকলিৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰি আছে ভাৰতীয় গ্ৰাহকৰ মানসিকতাৰ সৈতে দীৰ্ঘদিনীয়া পৰিচয় থকা মাৰুতি ছুজুকিয়ে।

প্ৰকাশিত বাতৰি মতে, অহা বছৰত কোম্পানিটোৱে ইয়াৰ জনপ্ৰিয় হেটচবেক ৱেগন আৰৰ এটা ইলেকত্ৰিক সংস্কৰণ গ্ৰাহক বাবে মুকলি কৰিব।

দেশৰ বিভিন্ন ঠাইত প্ৰস্তাৱিত মদেলটোৰ ৫০খন গাড়ীৰ ৰ’দ টেষ্ট চলাই থকা হৈছে।

মাৰুতি ছুজুকিৰ বিক্ৰী আৰু বিপণন বিভাগৰ কাৰ্য্যবাহী সঞ্চালক শশাংক শ্ৰীবাস্তৱৰ উদ্ধৃতিৰে এই বাতৰি নিশ্চিত কৰা হৈছে।

এনে গাড়ীৰ বেটাৰিৰ খৰচ খোদ ইলেকত্ৰিক কাৰখনৰ মুঠ উৎপাদন ব্যয়ৰ আধাতকৈয়ো বেছি। ফলত ইলেকত্ৰিক গাড়ীক এতিয়াও সুলভ কৰিব পৰা হোৱা নাই।

বৰ্তমান প্ৰযুক্তিৰে মাৰুতি ৱেগন আৰ ইলেকত্ৰিক সম্ভাৱ্য মূল্য হ’বগৈ প্ৰায় ১০ লাখ টকাৰ ওচৰা-উচৰি।

কিন্তু, খবৰ মতে, মাৰুতিয়ে এই ক্ষেত্ৰত উদ্ভাৱনীমূলক পদক্ষেপেৰে দাম হ্ৰাসৰ উপায় বিচাৰিছে। ভাৰতৰ এক নম্বৰ কাৰ নিৰ্মাতা প্ৰতিষ্ঠানটো ইয়াৰ গাড়ীসমূহৰ সুলভ মূল্য আৰু কম মেইণ্টেনেন্স কষ্টৰ বাবে জনাজাত।

বৰ্তমান ৰ’দ টেষ্টত থকা গাড়ীখনে এবাৰ চাৰ্জ দিলে ১৫০কিঃ মিঃ লৈকে অতিক্ৰম কৰিব পাৰে। কিন্তু গ্ৰাহকৰ বাবে আকৰ্ষণীয় হোৱাৰ কাৰণে কোম্পানিটোৱে ইয়াক আৰু অধিক দূৰত্ব অতিক্ৰম কৰিব পৰাকৈ সক্ষম কৰি তোলাৰ বাবে চেষ্টা চলাই আছে।

ৱেগন আৰৰ এল পি জি আৰু পে’ত্ৰল সংস্কৰণ দুটা বৰ্তমান বজাৰত উপলব্ধ হৈ আছে।

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন দ্বিতীয়খন চৰকাৰে জীৱাশ্ম ইন্ধনৰ পৰিৱৰ্তে বিকল্প ইন্ধনৰ বাহনসমূহক অগ্ৰাধিকাৰ প্ৰদান কৰাৰ ফলত ভাৰতীয় বজাৰত ইলেকত্ৰিক গাড়ীৰ বিকাশ দ্ৰুত হ’ব বুলি ধাৰণা কৰা হৈছে।

দেশৰ বিভিন্ন স্থানত ১০০০টা ইলেকত্ৰিক বাহন চাৰ্জিং পইণ্ট স্থাপনৰ বাবে ভাৰত চৰকাৰে ইতিমধ্যে নিবিদা আহ্বান কৰিছে।

Related News