NORTHEAST NOW (Assamese)

ভূটিয়াচাঙ চাহ বাগিচাত বিদ্যুতস্পৃষ্ট হৈ বনৰীয়া হাতীৰ মৃত্যু

September 20, 2019 5:18 pm · এন ই নাও নিউজ
Updated: September 20, 2019 5:30 pm
মৃত্যু হোৱা বনৰীয়া হাতীটো। উৎস-ইণ্টাৰনেট

ভাৰত ভূটান সীমান্তৰ ওদালগুৰি জিলাৰ ভূটিয়াচাঙ চাহ বাগিচা এলেকাত শুকুৰবাৰে বৈদ্যুতিক ফান্দত বিদ্যুতপৃষ্ট হৈ এটা মখনা হাতীৰ মৃত্যু হয়।

অঞ্চলটোত দীৰ্ঘদিন ধৰি চলি অহা হাতী আৰু মানুহৰ মাজত সংঘাতে ভয়াবহ ৰূপ ধাৰণ কৰিছে।

প্ৰায়ে ভাৰত-ভূটান সীমান্ত অঞ্চলত পাহাৰৰ পৰা জনাঞ্চললৈ বনৰীয়া হাতীৰ জাক খাদ্যৰ সন্ধানত নামি আহি উপদ্ৰৱ চলায়।

শুকুৰবাৰে ৰাতিপুৱাও খাদ্যৰ সন্ধানত এটা বনৰীয়া হাতীৰ জাকে ভূটিয়াচাঙ চাহ বাগিচা অঞ্চলত প্ৰৱেশ কৰে।

বনৰীয়া হাতীৰ জাকটোৱে চাহ বাগিচাখনত প্ৰৱেশ কৰে যদিও ইয়াৰে মাজৰ এটা হাতীয়ে চাহ বাগিচাখনৰ সীমাত সংস্থাপন কৰি থোৱা বৈদ্যুতিক ফান্দত বিদ্যুতপৃষ্ট হৈ মৃত্যু মুখত পৰে।

উল্লেখযোগ্য যে, অঞ্চলটোৰ জনসাধাৰণে দীৰ্ঘসময়ৰ পৰা অঞ্চলটোত বৃদ্ধি পাই অহা বনৰীয়া হাতীৰ উপদ্ৰৱৰ বিষয়ে ৰাজ্যৰ বন বিভাগক অৱগত কৰি আহিছে যদিও এতিয়ালৈ বিভাগটোৱে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে।

Related News