NORTHEAST NOW (Assamese)

অসম পৰ্বতাৰোহন সন্থাৰ উদ্যোগত শীতকালীন দুঃসাহসীক ক্রীড়া অভিযান

February 28, 2022 2:37 pm · ৰিদিপ শৰ্মা,কলিয়াবৰ
Updated: February 28, 2022 2:46 pm

উত্তৰ পূৰ্বাঞ্চলৰ দুঃসাহসীক ক্ৰীড়া ক্ষেত্ৰখনৰ বাটকটীয়া সংগঠন অসম পৰ্বতাৰোহন সন্থাই বিগত বছৰৰ দৰে এইবাৰো আয়োজন কৰিছে শীতকালীন দুঃসাহসীক ক্ৰীড়া অভিযান ।

লাডাখত অনুষ্ঠিত হ’বলগীয়া  ট্ৰেকিং, চাইক্লিং আৰু ইউ টি কাংৰী শিখৰ(৬০৭০ মি.)অভিযানৰ বাবে নিৰ্বাচিত মুঠ ২২ জন অভিযাত্ৰীৰে গঠিত দলটোৰ ট্ৰেকিং অভিযানৰ সদস্যসকলে ইতিমধ্যে লাডাখত উপস্থিত হৈছে ।

অসম পৰ্বতাৰোহন সন্থাৰ জ্যেষ্ঠ সদস্য সকল আৰু ক্ৰীড়া সঞ্চালকালয়ৰ কেইবাজনো বিষয়াৰ উপস্থিতিত গুৱাহাটীত অসম ক্ৰীড়া আৰু যুৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী বিমল বৰাই ফ্লেগ অফ কৰি অভিযানৰ শুভ উদ্বোধন কৰে ।

মানস বৰুৱাৰ নেতৃত্বত মাউন্ট ইউ টি কাংৰী (৬০৭০ মি.)অভিযানত অংশগ্ৰহণ কৰিবলৈ যোৱা সদস্যসকল হ’ল ক্ৰমে উপেন চক্ৰৱৰ্তী, ডা° জগদীশ বসুমতাৰী,কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, ধ্ৰুৱজ্যোতি হাজৰিকা আৰু মনোজ কুমাৰ পাটোৱাৰী।

 শূন্যৰ তলৰ তাপমানত  সু-উচ্চ ইউ টি কাংৰী শিখৰলৈ অভিযানৰ বাবে যোৱা এইটোৱেই হৈছে অসমৰ প্ৰথমটো পৰ্বতাৰোহীৰ দল।

আনহাতেদি শেখৰ বৰদলৈৰ নেতৃত্বত যোৱা চাইক্লিং অভিযানটোৰ সদস্যসকল হ’ল কলিয়াবৰৰ শিলঘাটৰ চন্দোৎপল গগৈ,দৃষ্টি কাশ্যপ বৰদলৈ, নিৰজ বৰা, আৰু কৃশানু বৰা।

সৰ্বনিম্ন প্ৰায় -২০ৰ পৰা -২৫ ডিগ্ৰী তাপমাত্ৰাত খাৰ্দোংলা পাছৰ পৰা সাগৰ পৃষ্ঠৰ ১১০০০- ১৯০০০ ফুট উচ্চতাত চাইকেল চলোৱা দলটোৱে শেহতীয়াকৈ অভিযান সমাপ্ত কৰিছে।

Related News