NORTHEAST NOW (Assamese)

মহানগৰীত ATM ৰ পৰা ৬৫,০০০ টকা লুটিলে মহিলাই; আৰক্ষীৰ জালত অভিযুক্ত মহিলা

January 28, 2022 5:28 pm · এন ই নাও নিউজ, গুৱাহাটী

এটিএম মেচিনৰ পৰা বৃহৎ পৰিমাণৰ নগদ ধন লুট কৰাৰ অভিযোগত এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে গুৱাহাটী আৰক্ষীয়ে। চুৰি কাণ্ড সংঘটিত কৰা মহিলাগৰাকীক গুৱাহাটীৰ বাসিন্দা শ্বাহিদা বেগম বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে বৃহস্পতিবাৰে গুৱাহাটীৰ লতাশিল অঞ্চলৰ এটি এটিএমত এই চুৰি কাণ্ড সংঘটিত হৈছিল। জানিব পৰা মতে মহিলাগৰাকীয়ে এটিএমৰ পৰা ৬৫,০০০ টকা লুটি নিছিল।

সূত্ৰ অনুসৰি আৰক্ষীয়ে পূৰ্বৰ আন কেইবাটাও চুৰি আৰু ডকাইতিৰ ঘটনাৰ সৈতে সম্পৰ্কৰ বাবে দীৰ্ঘদিন ধৰি মহিলা গৰাকীৰ সন্ধানত আছিল।

বাতৰি অনুসৰি, বিভিন্ন আৰক্ষী থানাত শ্বাহিদা বেগমৰ বিৰুদ্ধে অসংখ্য অভিযোগ পঞ্জীয়ন হৈ আছে।

বৰ্তমান ধৃত মহিলাগৰাকীক পানবজাৰ আৰক্ষী থানাত আৰক্ষীৰ পৰ্যৱেক্ষণত ৰখা হৈছে আৰু গোচৰ সন্দৰ্ভত সোধ-পোচ কৰা হৈছে।

লক্ষণীয়ভাৱে যোৱা কিছুদিন ধৰি মহামাৰীৰ বিভিন্ন অঞ্চলত ডকাইতি তথা চুৰিৰ ঘটনা অভাৱনীয় হাৰত বৃদ্ধি পাইছে।

বিভিন্ন আৰক্ষী থানাত নিয়মীয়াকৈ বৃহৎ সংখ্যক ডকাইতি আৰু চুৰিৰ গোচৰ ৰুজু কৰা হৈছে।

Related News