NORTHEAST NOW (Assamese)

World’s longest passenger train: ১০০ টা ডবাৰে চলিল প্ৰায় ২ কিলোমিটাৰ দীঘল বিশ্বৰ দৈৰ্ঘ্যতম যাত্ৰীবাহী ৰে’লখন!

October 31, 2022 8:22 am · এন ই নাও নিউজ, গুৱাহাটী
ফটো সৌজন্য: বিবিচি।

World’s longest passenger train চুইজাৰলেণ্ডৰ এটা ৰে’ল কোম্পানীয়ে দীঘলীয়া যাত্ৰীবাহী ৰে’ল চলাই এক নতুন অভিলেখ গঢ়িছে।

এই যাত্ৰীবাহী ৰে’লখনত ১০০ টা ডবা আছে। ইয়াৰ দৈৰ্ঘ্য ১.৯ কিলোমিটাৰ বা ১.২ মাইল। এই ৰে’লখনে আল্পছ পৰ্বতমালাৰ ওপৰেৰে ২৫ কিলোমিটাৰ পথ ভ্ৰমণ কৰিছে।

চুইজাৰলেণ্ডৰ অভিযান্ত্ৰিক খণ্ডৰ সাফল্য বিশ্বৰ আগত দাঙি ধৰাৰ বাবে এই পদক্ষেপ লোৱা হৈছিল। চুইছ ৰে’লৱেৰ ১৭৫ তম বাৰ্ষিকী উদযাপন অনুষ্ঠানটো স্মৰণীয় কৰি তুলিবৰ বাবে এই আয়োজন কৰা হৈছিল।

https://twitter.com/gchahal/status/1586596900005896193?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1586596900005896193%7Ctwgr%5E04e8f9042243873ac2ce606e1c9fa072e19ed42b%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fwww.indiatimes.com%2Ftrending%2Fsocial-relevance%2Fworlds-longest-passenger-train-in-switzerland-has-100-coaches-583392.html

বিশ্ব অভিলেখ গঢ়া এই যাত্ৰীবাহী ৰে’লখনত মুঠতে ৪,৫০০ খন আসন আৰু ৭ জন চালক আছিল।

Related News