NORTHEAST NOW (Assamese)

হোমেন বৰগোহাঞিক মাধৱ কন্দলি বঁটা প্ৰদান; উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ সামৰণি

November 8, 2018 7:21 am · মিণ্টু দাস
Updated: November 8, 2018 7:22 am

‘অসমৰ চৰকাৰসমূহ সংস্কৃতিৰ ক্ষেত্ৰত অতি দীনহীন বুলি অনুভৱ কৰো। চৰকাৰে ৰাস্তা-ঘাট, দলং-বিলডিং নিৰ্মাণ কৰি জাতি গঠনৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰিলেও সভ্য মানুহ সৃষ্টি তথা সভ্য মানুহ গঢ়াৰ পৰিৱেশ সৃষ্টি কৰাৰ সম্পৰ্কে চৰকাৰৰ জ্ঞান বা ধ্যান নাই।’ এই মন্তব্য প্ৰসিদ্ধ সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ।

বুধবাৰে নগাঁৱৰ নেহেৰুবালিত অন্ত পৰা উত্তৰ-পূব শিশু গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ সভাত মাধৱ কন্দলি বঁটা গ্ৰহণ কৰি বৰগোহাঞিয়ে লগতে কয়, ‘অসমীয়া জাতি পিছপৰাৰ অন্যতম মূল কাৰণ হ’ল শিশু সাহিত্যক সম্পূৰ্ণ অৱহেলা কৰাটো। শিশু অৱস্থাতে যদি মানুহৰ মনত কিতাপৰ প্ৰতি অনুৰাগ সৃষ্টি কৰা নহয়, তেন্তে ডাঙৰ হৈ সেই অনুৰাগ তেওঁ কেনেকৈ অনুভৱ কৰিব?’

অসমত শিশু সাহিত্যৰ অভাৱৰ কথা উল্লেখ কৰি তেওঁ কয় সম্প্ৰতি ‘আমাৰ সৰ্বাধিক প্ৰয়োজন হ’ল শিশু আৰু চেমনীয়াৰ উপযোগী কিতাপ আৰু আলোচনী প্ৰকাশৰ বাবে অসম প্ৰকাশন পৰিষদৰ নিচিনা এটা সুকীয়া অনুষ্ঠান খোলা।’ শিশু গ্ৰন্থমেলা উদ্যোক্তা সমিতিক তেওঁ শিশু সাহিত্যৰ প্ৰতিযোগিতা পাতিবলৈ আহ্বান জনায়।

বৰগোহাঞিক প্ৰদান কৰা মাধৱ কন্দলি বঁটাত এখন ফুলাম গামোচা, পাটৰ চেলেং, অংগবস্ত্ৰ, মানপত্ৰ, জাপি, শৰাই, স্মাৰক, নগদ ধন ইত্যাদি আছে।

বিশিষ্ট সমালোচক প্ৰভাত বৰাৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সভাখনতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁ‌ড হত্যা প্ৰতিৰোধৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱেন বৰাক উত্তৰ-পূব শিশু গ্ৰন্থমেলা সমিতিয়ে বনবন্ধু বঁটা প্ৰদান কৰে।

এই সভাখনত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকা, মাধ্যমিক শিক্ষা বিভাগৰ সচিব চমছেৰ সিং, মাধ্যমিক শিক্ষা বিভাগৰ উপ সচিব প্ৰবীণ শৰ্মা, জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত প্ৰমুখ্যে কেইবাজনো গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

আনহাতে কালিৰ অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি, চিত্ৰাংকণ প্ৰতিযোগিতা, লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত অনুষ্ঠিত শিশুৰ বিশেষ অনুষ্ঠানত শতাধিক শিশুৱে গীত-বক্তৃতাৰে নান্দনিক ৰূপ দিয়ে কলংপাৰৰ নেহৰুবালি বাকৰি।

ইয়াৰ উপৰি অকণিৰ সাহিত্য সভাৰ উদ্যোগত ‘অসম বিধান সভা চলি আছে’ শীৰ্ষক এক আকৰ্ষণীয় অনুষ্ঠানো অনুষ্ঠিত হয়। ইয়াত অংশগ্ৰহণ কৰা কণ কণ শিশুসকলে অতি সাৱলীলভাৱে বিধান সভাৰ এক আভাস দাঙি ধৰে।

Related News