• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বেঁকী নৈত প্ৰৱল খহনীয়া : অস্তিত্বৰ সংকটত গুইলেজাৰ বিস্তীৰ্ণ কৃষিভূমি

এন ই নাও নিউজ by এন ই নাও নিউজ
November 8, 2018 7:35 am
IMG-20180919-WA0000
190
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজা ৰাজহ গাঁওত বেঁকী নৈৰ বিধ্বংসী গৰাখহনীয়াই উচন কৰিছে প্ৰায় ৫০ টা পৰিয়ালৰ সা-সম্পত্তিকে ধৰি বিস্তীৰ্ণ কৃষিভুমি। নৈখনত সংঘটিত হোৱা শেহতীয়া খহনীয়াটোত নৈখনৰ বুকুত চপৰা-চপৰে খহি পৰিছে ভৰুণ খেতি পথাৰৰ মাটি।।

বছৰ বছৰ ধৰি নৈ-পৰীয়া বাসিন্দাক জোলোকা-জোলোকে পানী খুৱাই অহা এঁকী নদীয়ে যোৱা বাৰিষাৰ পিছৰে পৰাই বেকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি তেওঁলোকৰ ঘৰ-দুৱাৰ উছন কৰাৰ লগতে মূৰৰ ঘাম মাটিত পেলাই কৰা শ শ বিঘা শালি ধানৰ খেতি চকুৰ সন্মুখতে উছন কৰিছে। আন হাতে খাদ্যৰ সংকটত ভোগা পশুধনক জীয়াই ৰখাৰ স্বাৰ্থত কেঁচা শালি ধানৰ গোছকেই কাটি লৈ যাবলৈ বাধ্য হৈ পৰিছে উপায়ন্ত খেতিয়কে।

কষ্টৰে ৰোৱা ধান খেতি খহনীয়াত বিনষ্ট হোৱাত একমাত্ৰ কৃষিৰ ওপৰত নিৰ্ভৰশীল উক্ত পৰিয়ালসমূহ প্ৰায় অনাহাৰে মৰিব লগীয়া অৱস্থাৰ সৃষ্টি হ’বলৈ গৈ আছে বুলি হতাশাত ভাগি পৰিছে ৰাইজ।

সেয়ে খহনীয়া প্ৰতিৰোধ কৰা আৰু খহনীয়াগ্ৰস্ত পৰিয়ালসমূহক পূনঃসংস্থাপন দিয়াৰ দাবীত প্ৰৱল প্ৰতিবাদ সাব্যস্ত কৰে গুইলেজাৰ স্থানীয় ৰাইজে। অতি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধ নকৰিলে ১০২৬ নং গুইলেজা প্ৰাথমিক বিদ্যালয়ৰ লগতে শতাধিক পৰিয়ালৰ একমাত্ৰ সম্বলখিনিও খহনীয়াই সামৰি ল’ব বুলি আতংকত কাল অতিবাহিত কৰিছে নৈ পৰীয়া ৰাইজে।

প্ৰণিধানযোগ্য যে, অঞ্চলটোত গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাৰ পিছতো চৰকাৰ তথা প্ৰশাননে নিৰৱ দৰ্শকৰ ভূমিকা পালন কৰি আছে বুলি অভিযোগ কৰিছে ৰাইজে। অৱশ্যে স্থানীয় বিধায়ক আব্দুল খালেকে বেঁকীৰ খহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ পাৰ্কুপাইন নিৰ্মাণ কৰিবলৈ কেইবালাখ টকা আবন্টন দিছে যদিও সেয়া এপাচি শাকত এটা জলকীয়াহে মাথোন। তথাপি সেই বাঁহৰ পাৰ্কুপাইন বিজ্ঞান সন্মত ভাৱে স্থাপন নকৰাত পানীৰ সোঁতে সেয়া উটুৱাই লৈ গৈছে। সেয়ে গুইলেজা ৰাজহ গাঁওত বেঁকী নদীৰ বিধ্বংসী গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ বিজ্ঞান-সন্মত ভাৱে ব’ল্ডাৰ পিচিঙৰ স্থায়ী ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd