NORTHEAST NOW (Assamese)

কৰ’নাত আক্ৰান্ত মধ্য প্রদেশৰ মুখ্য মন্ত্রী শিৱৰাজ সিং চৌহান

July 25, 2020 1:13 pm · এন ই নাও নিউজ
মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহান।

মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছে।

শনিবাৰে দুপৰীয়া এইকথা আনুষ্ঠানিভাৱে নিশ্চিত কৰা হৈছে।

নিজৰ অফিচিয়েল টুইটাৰ একাউন্টৰ এটা টুইটত মুখ্য মন্ত্ৰীগৰাকীয়ে হিন্দীত লিখিছে : ‘’মোৰ মৰমৰ দেশবাসী, মোৰ কোভিড-১৯ লক্ষণ দেখা দিছিল আৰু পৰীক্ষাৰ পাছত মোৰ ৰিপ’ৰ্ট পজিটিভ আহিছে।‘’

মুখ্য মন্ত্ৰী চৌহানে লগতে তেওঁৰ সংস্পৰ্শলৈ অহা সকলো সতীৰ্থ তথা ব্যক্তিকে আগবাঢ়ি আহি কৰ’না ভাইৰাছ টেষ্ট কৰিবলৈ আহ্বান জনাইছে।

মুখ্য মন্ত্ৰীৰ সকলো ঘনিষ্ঠ সহযোগীয়ে কোৱাৰেন্টাইনত গৈছে।

আনহাতে, তেওঁৰ অনুপস্থিতিত ৰাজ্যখনৰ গৃহ মন্ত্ৰী ড০ নৰোত্তম মিশ্ৰ, নগৰ উন্নয়ন মন্ত্ৰী ভূপেন্দ্ৰ সিং, শিক্ষা মন্ত্ৰী বিষভ সাৰংগ আৰু স্বাস্থ্য মন্ত্ৰী ড০ পি আৰ চৌধুৰীয়ে সামগ্ৰিক পৰিস্থিতিৰ দায়িত্ব গ্ৰহণ কৰিব।

Related News