NORTHEAST NOW (Assamese)

মধ্য প্ৰদেশত কংগ্ৰেছ চৰকাৰৰ পতন, পদত্যাগ মুখ্য মন্ত্ৰী কমল নাথৰ

March 20, 2020 12:38 pm · এন ই নাও নিউজ
Updated: March 20, 2020 12:44 pm
কমল নাথ।

মধ্য প্ৰদেশৰ মুখ্য মন্ত্ৰী কমল নাথে শুকুৰবাৰে ফ্লৰ টেষ্টৰ মুখামুখি হোৱাৰ পূৰ্বেই পদত্যাগ ঘোষণা কৰিছে।

কংগ্ৰেছ চৰকাৰ ফ্লৰ টেষ্টত বিফল হোৱাতো নিশ্চিত হোৱাৰ ফলতে কমল নাথে পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে।

দুপৰীয়া ১ বজাত তেওঁ ৰাজ্যপালক সাক্ষাৎ কৰাৰ কথা।

শুকুৰবাৰে বিয়লি ৫ বজাৰ ভিতৰত ফ্লৰ টেষ্ট সম্পন্ন কৰিবলৈ উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছিল।

দুজন বিধায়কৰ মৃত্যু আৰু কংগ্ৰেছৰ ২২গৰাকী বিধায়কৰ পদত্যাগৰ ফলত মধ্য প্ৰদেশ বিধান সভাৰ মুঠ সদস্যসংখ্যা ২০৬ লৈ নামি আহিছিল।

আনহাতে শুকুৰবাৰে বিজেপি বিধায়ক শাৰদ ক’লৰ পদত্যাগ কৰাত বিধান সভাখনৰ মুঠ সদস্যসংখ্যা ২০৫লৈ নামি আহে।

ফলত চৰকাৰ গঠনৰ বাবে মেজিক নাম্বাৰ হৈছিলগৈ ১০৩ (।)

১০৫ গৰাকী বিধায়কেৰে বিজেপিৰ ফ্লৰ টেষ্টত সফল হ’ব পৰাৰ সামৰ্থ্য আছিল।

বিপৰীতে বি এছ পিৰ দুজন, সমাজবাদী পাৰ্টিত এজন আৰু চাৰিজন নিৰ্দলীয় বিধায়কে সমৰ্থন দিলেও কংগ্ৰেছৰ সদস্যসংখ্যা ৯৯ত সীমিত আছিল।

Related News