NORTHEAST NOW (Assamese)

সেনাক অপমান মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰ

May 16, 2025 6:35 pm · নৰ্থইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 16, 2025 6:10 pm

বিজেপিৰ নেতাসকলে অবিৰতভাবে ভাৰতীয় সেনাক অপমান কৰি আহিছে : প্ৰিয়ংকা গান্ধী

কেৰালাৰ ৱায়ানাদৰ কংগ্ৰেছী সাংসদ প্ৰিয়ংকা গান্ধীয়ে ছচিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখিছে, “বিজেপি নেতাসকলে আমাৰ সেনাক অবিৰতভাৱে অপমান কৰাতো অত্যন্ত লজ্জাজনক আৰু দুৰ্ভাগ্যজনক। প্ৰথমে মধ্যপ্ৰদেশৰ এগৰাকী মন্ত্ৰীয়ে মহিলা সেনা সম্পৰ্কে অশ্লীল মন্তব্য কৰিছিল আৰু এতিয়া তেওঁলোকৰ উপ-মুখ্যমন্ত্ৰীয়ে সেনাক গুৰুতৰভাৱে অপমান কৰিছে।”

লগতে গান্ধীয়ে লিখিছে “সমগ্ৰ দেশৰ জনসাধাৰণে সেনাৰ বীৰত্বক লৈ গৌৰৱ অনুভৱ কৰিছে যদিও বিজেপিৰ নেতাসকলে সেনাবাহিনীক অপমান কৰিছে আৰু এই নেতাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে বিজেপিয়ে তেওঁলোকক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছে। এই কাম কৰি বিজেপিয়ে আমাৰ সেনা আৰু দেশবাসীক কি বাৰ্তা দিব বিচাৰিছে?”

উল্লেখ্য যে মধ্যপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱদাৰৰ এটা ভিডিঅ’সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। য’ত তেওঁ কোৱা শুনা গৈছে যে, “সফল প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো। সমগ্ৰ দেশ, দেশৰ সেনা, সেই জোৱানসকলে তেওঁৰ ভৰিত পৰি প্ৰণাম কৰক। সমগ্ৰ দেশ তেওঁৰ ভৰিৰ আগত নতশিৰ ।”

ইফালে কংগ্ৰেছে ইয়াক ‘সেনাক অপমান’ বুলি অভিহিত কৰাৰ বিপৰীতে বিজেপিৰ মুখপাত্ৰ আশীষ আগৰৱালাই কয় যে কংগ্ৰেছে উপ মুখ্যমন্ত্ৰীৰ বক্তব্য বিকৃত কৰিছে।

Related News