মঞ্চলৈ উঠি গৈ মন্ত্ৰীৰ চুলি কাটিলে যুৱকে, তাৰ পিছতে উদয় হ’ল ভাগ্য! কিদৰে?

mp

এজন যুৱক ,নাম ৰোহিদাস।

মধ্যপ্ৰদেশৰ এইগৰাকী যুৱকে আজি এটা বৰ ডাঙৰ কাম কৰিলে।

মধ্যপ্ৰদেশৰ খাণ্ডোৱা জিলাৰ গুলাইমাল অঞ্চলত চলি আছিল এখন ৰাজনৈতিক সভা।

সভাৰ মঞ্চত উপবিষ্ট আছিল ৰাজ্য খনৰ বন মন্ত্ৰী বিজয় শ্বাহ।

সভা চলি থকাৰ মাজতে যুৱক ৰোহিদাস হঠাতে মঞ্চৰ ওপৰলৈ উঠি যায় আৰু মন্ত্ৰী শ্বাহক কিবা কথা কয়।

যুৱক জনে এনেদৰে মঞ্চলৈ উঠি যোৱা দেখি সকলোৰে চকু থৰ লাগিল।যুৱক ৰোহিদাসে সভাত উপস্থিত থকা লোকসকলক আৰু বেছি আচৰিত কৰি পকেটৰ পৰা কেঁচি এখন উলিয়াই মন্ত্ৰীৰ চুলি কাটিবলৈ আৰম্ভ কৰি দিলে।

ঘটনা বিষম যেন দেখি মঞ্চ উপস্থিত থকা বহুতে যুৱকজনক বাধা দিয়াৰ চেষ্টা চলালে যদিও মন্ত্ৰীয়ে যুৱক জনক চুলি কাটি যাবলৈহে ক’লে।

চুলি কটাৰ অন্তত এইবাৰ ঘটনাৰ ৰহস্য ফাদিল কৰিলে স্বয়ং মন্ত্ৰী শ্বাহে।

শ্বাহে ক’লে যে যুৱকজনে মঞ্চলৈ উঠি আহি চেলুন এখন খোলাৰ বাবে তেওঁৰ পৰা সাহায্য বিচাৰিছিল।

যুৱকজনে চুলি কাটিবলৈ জানে নে নাই বুলি সোধাত জানো বুলি ক’লে আৰু লগত কেঁচী থকাৰ কথাও জনালে।

সেইবাবেই যুৱকজনৰ দক্ষতাৰ প্ৰমাণ ল’বলৈ তেওঁক চুলি কাটিবলৈ কোৱা হ’ল।

মন্ত্ৰী শ্বাহে লগতে কয় যে চুলি কটাৰ বিনিময়ত যুৱকজনক তেওঁ লগে লগে ৬০ হাজাৰ টকা দিছে। সেই ধনেৰে যুৱক ৰোহিদাসে চেলুন আৰম্ভ কৰিব পাৰিব বুলি তেওঁ কয়।

ক’ৰ’ণাৰ বাবে কৰ্মসংস্থাপন হেৰুওৱাসকলোকো সহায় কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী শ্বাহে।