বিবাহিত মহিলাৰ যৌন স্বাধীনতা সন্দৰ্ভত এক গুৰুত্ব পূৰ্ণ ৰায়দানদিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। সমাজে হস্তমৈথুন বা পৰ্ণগ্ৰাফী চোৱাক অনৈতিক বুলি গণ্য কৰে। আদালতে সমাজৰ এনে ৰক্ষণশীল মনোভাবক নাকচ কৰি কয় যে হস্তমৈথুন বা পৰ্ণগ্ৰাফী চোৱাটো কোনো ‘অপৰাধ নহয়। আৰু ইয়াৰ বাবে আইনী ভিত্তিত স্বামীয়ে বিবাহ বিচ্ছেদ বিচাৰিব নোৱাৰে।
ন্যায়ালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি তামিলনাডুৰ এজন লোকে তেওঁ পত্নীয়ে হস্তমৈথুন কৰা আৰু পৰ্ণগ্ৰাফী চোৱাৰ অভিযোগ উত্থাপন কৰি আদালতত বিবাহ বিচ্ছেদৰ বাবে আবেদন দাখিল কৰিছিল।
অৱশ্যে নিম্ন আদালতত তেওঁৰ আবেদন নাকচ কৰাত তেওঁ উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয়। উচ্চ ন্যায়ালয়ে গোচৰটোৰ শুনানি গ্ৰহণ কৰি কয় যে পত্নীয়ে পৰ্ণগ্ৰাফী চোৱাটো বিবাহ বিচ্ছেদৰ ভিত্তি হ’ব নোৱাৰে। মহিলাসকলেও পুৰুষৰ দৰে হস্তমৈথুন কৰিব পাৰে।
মহিলাৰ যৌন স্বাধীনতাক লৈ প্ৰশ্ন উত্থাপন কৰি মাদ্ৰাজ উচ্চ ন্যায়ালয়ে ৰায় দিয়ে যে, আত্মভোগ নিষিদ্ধ নহয়। পুৰুষৰ হস্তমৈথুন সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য, গতিকে মহিলাসকলেও যদি একে কাম কৰে তেন্তে সেয়া কিয় অস্বাভাৱিক হ’ব বুলি উল্লেখ কৰে। আদালতে লগতে কয় যে পৰ্ণগ্ৰাফীৰ প্ৰতি আসক্তি থকাটো বেয়া আৰু অনৈতিক। কিন্তু এইটো কেতিয়াও বিবাহ বিচ্ছেদৰ আইনী ভিত্তি হ’ব নোৱাৰে বুলি উল্লেখ কৰে আদালতে।