NORTHEAST NOW (Assamese)

টীয়কত চুতীয়া জাতি সন্মিলনৰ মাঘী উৎসৱ উদযাপন

January 28, 2021 6:10 pm · নিৰ্মলেন্দু পাঠক

যোৰহাট জিলাৰ টীয়কৰ বনাইত যোৰহাট জিলা চুতীয়া যুৱ সন্মিলন আৰু বনাই আঞ্চলিক চুতীয়া জাতি সন্মিলনৰ উদ্যোগত বাৰেঘৰ শাখা সমিতিৰ সহযোগত চুতীয়া জাতিৰ পৱিত্ৰ অনুষ্ঠান মাঘী উৎসৱ  দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়৷

প্ৰথম দিনা  সদৌ যোৰহাট জিলাৰ চুতীয়া যুৱ সন্মিলনৰ প্ৰতিনিধি সভাখন অনুষ্ঠিত হয় আৰু আজি অৰ্থাৎ দ্বিতীয় দিনা পৱিত্ৰ দেউ কুবেৰ শলিতা লগোৱা সকাম ভাগ জাতীয় ৰীতি নীতিৰে আয়োজন কৰা হয়।

চুতীয়া জাতিৰ অন্যতম গৱেষক প্ৰতাপ নেওগে মূল দেউৰী হিচাপে আঁত ধৰা এই শলিতা লগোৱা পবিত্ৰ অনুষ্ঠানত জিলাখনৰ বহুসংখ্যক চুতীয়া সন্মিলনৰ বিষয়ববীয়াৰ লগতে গন্য-মান্য ব্যক্তি উপস্থিত থাকে l

চুতীয়া সন্মিলনৰ বিষয়ববীয়াই অসমৰ ভূমিপুত্ৰ চুতীয়াসকলৰ পৰম্পৰাগত ৰীতি নীতি জীয়াই ৰখাৰ স্বাৰ্থত এইদৰে সকামভাগ অনুষ্ঠিত কৰা হৈছে প্ৰকাশ কৰিছে।

Related News