অসমৰ কাৰ্বিআংলং জিলাত সন্দেহযুক্ত দুষ্কৃতিকাৰীয়ে এগৰাকী প্ৰাক্তন ডিমাচা বিদ্ৰোহী আৰু এগৰাকী মহিলাক গুলিয়াই হত্যা কৰাক কেন্দ্ৰ কৰি জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে।
বুধবাৰে নিশা কাৰ্বিআংলঙৰ খৰনাইদিছা গাঁৱত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে ৪২ বছৰীয়া অমিত নুনিচা আৰু আলোটা মাইবংচা(৬০)ক গুলিয়াই হত্যা কৰে বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে।
দুষ্কৃতিকাৰীৰ নিৰ্বিচাৰ গুলিচালনাত অচিত ফোংলোচা নামৰ এগৰাকী ২৫ বছৰীয়া যুৱকো আঘাতপ্ৰাপ্ত হয়।
আঘাতপ্ৰাপ্ত যুৱক গৰাকীক ততাতৈয়াকৈ হস্পিটেললৈ লৈ যোৱা হয়।
কেন্দ্ৰ চৰকাৰৰ সৈতে হোৱা চুক্তিৰ পাছতে অমিত নুনিচাই ২০০৩ চনত অস্ত্ৰ সম্বৰণ কৰি মূল সূতিলৈ ঘুৰি অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।
বুধবাৰৰ নিশাৰ গুলিচালনাৰ ঘটনাৰ পাছতে ঘটনাস্থলীত কাৰ্বিআংলং আৰক্ষীৰ এটা বৃহৎ উপস্থিত হয় আৰু মৃতদেহ দুটা উদ্ধাৰ কৰে।
ডি এন এল এৰ বিদ্ৰোহী এই ঘটনাৰ সৈতে জড়িত আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।
আনহাতে, কাৰ্বি আংলং জিলাত দুষ্কৃতিকাৰীৰ গুলীত দুগৰাকী ব্যক্তি নিহত হোৱা ঘটনাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰে।
নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপনৰ লগতে আহতসকলৰ আশু-আৰোগ্য কামনা কৰে মুখ্য মন্ত্ৰী সোণোৱালে।
এই ঘটনা সংঘটিত কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষী সঞ্চালকপ্ৰধানক মুখ্যমন্ত্ৰীয়ে তাৎক্ষণিকভাৱে নিৰ্দেশ দিয়ে।