বিশ্ব বক্সি ৰেংকিঙৰ শীৰ্ষত অধিষ্ঠিত হ’ল ইতিহাস সৃষ্টিকাৰী বক্সাৰ ‘মেৰী কম’

Mary-Kom-

বক্সাৰ মেৰী কমৰ ফাইল ফটো

ইতিহাস সৃষ্টি কৰি ষষ্ঠবাৰৰ বাবে মহিলা বক্সিঙৰ বিশ্ব চেম্পিয়নৰ খিতাপ অৰ্জন কৰা ‘মেগনিফিচেণ্ট মেৰী’ অৰ্থাৎ মেৰী কম আন্তঃৰাষ্ট্ৰীয় বক্সিং সন্থাৰ (এ আই বি এ) বিশ্ব ৰেংকিঙৰ শীৰ্ষস্থানত অধিষ্ঠিত হৈছে। মণিপুৰৰ ৩৫ বছৰীয়া বক্সাৰগৰাকীৰ এই সাফল্যই উৎফুল্লিত কৰি তুলিছে ক্ৰীড়া প্ৰেমীক।

উল্লেখ্য যে যোৱা বছৰৰ শেষৰ ফালে নতুন দিল্লীত অনুষ্ঠিত হোৱা বিশ্ব চেম্পিয়নশ্বিপত মেৰী কমে ইতিহাস ৰচনা কৰি ৪৮ কেজি শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল। মেৰী কমে নিজৰ ওজন শাখাত ১৭০০ পইণ্ট লাভ কৰি এ আই বি এৰ শেহতীয়া ৰেংকিঙৰ শীৰ্ষত অৱস্থান কৰে।

বিশ্বৰ শীৰ্ষস্থানৰ মহিলা বক্সাৰগৰাকীৰ এতিয়া লক্ষ্য টকিঅ’ অলিম্পিক গেইমছত স্বৰ্ণ অৰ্জন। তাৰ বাবে ইতিমধ্যে তেওঁ প্ৰস্তুতি চলাই থকা বুলিও জানিব পৰা গৈছে। এইখিনিতে উল্লেখ কৰি থোৱা ভাল যে ২০২০ৰ টকিঅ’ অলিম্পিকত মেৰী কমে ৪৮ কেজিৰ পৰিৱৰ্তে প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব ৫১ কেজি শাখাত। কিয়নো এই পৰ্যন্ত অলিম্পিকত ৪৮ কেজি শাখাক অন্তৰ্ভুক্ত কৰা হোৱা নাই।

তিনিটা সন্তানৰ মাতৃ তথা ৩৫ বছৰীয়া এইগৰাকী বক্সাৰে ২০১৮ বৰ্ষত চমৎকাৰ প্ৰদৰ্শনেৰে বিশ্ব খিতাপ দখল কৰাৰ উপৰি বহুতো আন্তঃৰাষ্ট্ৰীয় খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। উল্লেখ্য যে মেৰী কমে ২০১৮ৰ পূৰ্বে ২০০২, ২০০৫, ২০০৬, ২০০৮ আৰু ২০১০ চনত বিশ্ব বক্সিঙৰ খিতাপ দখল কৰিছিল।

আনহাতে অসমৰ লাভলিনা বৰগোহাঁই ৬৯ কেজি শাখাত বিশ্ব ৰেংকিঙৰ পঞ্চম স্থানত উপৱিষ্ট হৈছে।